অপৰাধ

মিজোৰ জুইত জ্বলিছে অসমৰ ভূমি!

অসমৰ ভূমিত ঝুম খেতি কৰাৰ লক্ষ্যৰে সীমান্তৰ গল্লাছেড়াৰ পাহাৰি অঞ্চলত মিজো দুষ্কৃতিকাৰিসকলে বনাঞ্চল ধ্বংস কৰি জ্বলাই দিয়ে বিস্তৰ বনাঞ্চল।

মিজোৰ জুইত জ্বলিছে অসমৰ ভূমি

হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত অব্যাহত মিজোৰ তাণ্ডৱ। সোমবাৰৰ পৰা নতুন ৰূপে জিলাখনৰ গল্লাছেড়া অঞ্চলৰ পাহাৰত বেদখলৰ চেষ্টা আৰম্ভ মিজোৰামৰ।

অসমৰ ভূমিত ঝুম খেতি কৰাৰ লক্ষ্যৰে সীমান্তৰ গল্লাছেড়াৰ পাহাৰি অঞ্চলত মিজো দুষ্কৃতিকাৰিসকলে বনাঞ্চল ধ্বংস কৰি জ্বলাই দিয়ে বিস্তৰ বনাঞ্চল।

সোমবাৰৰ পৰা প্ৰতিদিনে এই সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ৫০০ মিটাৰকৈ গছ ধ্বংস কৰিছে মিজোৰামে। তিনি দিনৰ পৰা পাহাৰখন মিজোৰ জুইত জ্বলি থাকিলেও ৰাজ্য চৰকাৰ আৰু হাইলাকান্দি আৰক্ষীয়ে গ্ৰহন কৰা নাই কোনো পদক্ষেপ।
ঘটনাক কেন্দ্ৰ কৰি যোৱা তিনি দিবৰ পৰা চেপা উত্তেজনা বিৰাজ কৰিছে সীমান্ত অঞ্চলত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.