অসমবন্যপ্ৰাণী

পথাৰত বাঘৰ সন্ত্ৰাস, ঢেকীয়াপতীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত ১১ বছৰীয়া কিশোৰ

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰজনৰ নাম ফৰহাদ আলী

দলগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আতংক। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কিশোৰ। দলগাঁৱৰ ১ নং কছাৰী ভেটি টোপগাঁৱত সংঘটিত এই ঘটনা।

দেওবাৰে, পথাৰলৈ গৰু চৰাবলৈ যাওঁতে বাঘৰ আক্ৰমণৰ সন্মুখীন হয় এজন ১১ বছৰীয়া কিশোৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বাঘে হঠাৎ আক্ৰমণ কৰে কিশোৰজনক।

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰজনৰ নাম ইমৰান ফৰহাদ আলী। সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয় ফৰহাদ আলীক।

উল্লেখ্য যে, ৩-৪ দিন ধৰি দলগাঁৱৰ টোপগাঁৱত মুক্তভাৱে বিচৰণ কৰি আছে বাঘটোৱে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোক উদ্যানলৈ ঘূৰাই পঠিয়াবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই বনবিভাগৰ দল।

ইফালে, বাঘৰ আক্ৰমণত আহত ছাত্ৰজনক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান ৰেঞ্জাৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.