স্বাস্থ্য

বিজেপি কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, ভাগ ল’লে হিমন্ত-সৰ্বাই

সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ আৰম্ভ কৰা হৈছে। এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাগৰাকীও বিধায়কে। প্ৰতিখন জিলাৰ বিজেপিৰ কাৰ্যালয়ত হ’ব এই যোগ শিবিৰ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ক’ভিডৰ ফলত হোৱা মানসিক চাপ নাইকিয়া কৰাৰ বাবে এই যোগাসনৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, সকলোকে ঘৰতে যোগাসন কৰিবলৈ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যোগাসনৰ প্ৰয়োজন। ৰাজ্যিক বিজেপিক ধন্যবাদ জনালে সোণোৱালে।

এসপ্তাহলৈ হ’ব এই যোগাসন। সমগ্ৰ অসমৰ বিজেপিৰ কাৰ্যালয়ত হ’ব এই শিবিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.