Covid-19Education

স্কুল খুলি দিয়ক! উচ্চতম ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ এজন ছাত্ৰ

"অনলানই শিক্ষাৰ বাবে অতি প্ৰয়োজনীয় শিক্ষাৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল"

কৰ’ণাৰ ভয়াবহতা বৰ্তমানেও শেষ হোৱা নাই। কৰ’ণাৰ ফলত দৈনিক মৃত্যু মুখত পৰিছে বহু লোক। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হৈছে বিদ্যালয়সমুহ। অনলাইনতে হৈ আছে সকলো ধৰণৰ শিক্ষাৰ কাম।

কিন্তু কৰ’ণাৰ সংক্ৰমণ কিছু পৰিমানে হ্ৰাস হোৱাত দেশৰ বিভিন্ন ঠাইত খুলি দিয়া হৈছে বজাৰ সমাৰকে আদি কৰি প্ৰায় সকলো ব্যৱস্থা। কেৱল খোলা নাই শিক্ষানুষ্ঠানসমুহ। মাত্ৰ কেইখনমান ৰাজ্যত দশমৰ পৰা দ্বাদশ শ্ৰেণী খুলা ব্যৱস্থা কৰা হৈছে যদিও সপ্তাহত দুটা দিন নাইবা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰেহে খোলাৰ অনুমতি দিয়া হৈছে বিদ্যালয় সমুহত।

শিক্ষানুষ্ঠানসমুহ খোলাৰ বৰ্তমানলে কোনো চিন্তা চৰ্চাও কৰা নাই চৰাকাৰে। সেয়েহে বাবেই এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই এই ক্ষেত্ৰত ন্যায় বিচাৰি দেশৰ সৰ্বোচ্চ ন্যায়লয়ৰ ওচৰ চাপিছে।

ছাত্ৰ গৰাকীয়ে কয়, অনলানই শিক্ষাৰ বাবে অতি প্ৰয়োজনীয় শিক্ষাৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল। ছাত্ৰ -ছাত্ৰীৰ মন মগজুতো এই ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে। সেয়ে অনতিপলমে বিদ্যালয় সমূহ খোলাৰ অনুমতি দিব লাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.