শ্ৰেণীবিহীন

এখন আজব চৰকাৰী কাৰ্যালয়! ৰটেশন প্ৰক্ৰিয়াৰে কৰ্মী আহে কাৰ্যালয়ত

কাৰ্যালয়ত কৰ্মী অনুপস্থিত থকাৰ যুক্তি তুলি ধৰিলে দিনৰ এক বজাত অহা কৰ্মীয়ে

কৰিমগঞ্জৰ আজব এখন চৰকাৰী কাৰ্যালয়| কাৰ্যালয়ৰ হাজিৰা বহি দেখিলে আপনাৰ চকু কপালত উঠিব|

দীৰ্ঘদিন ধৰি অনুপস্থিত কৰ্মী|  এজন কৰ্মীয়ে চলায় কাৰ্যালয়|  ৰটেশন প্ৰক্ৰিয়াৰে কৰ্মী আহে কাৰ্যালয়ত| বিভাগটোত দমে দমে ফাইল পৰি আছে যদিও কৰ্মচাৰীৰ নাই কোন কাণ-সাৰ|

কাৰ্যালয়ত কৰ্মী অনুপস্থিত থকাৰ উদ্ভুট যুক্তি তুলি ধৰিলে দিনৰ এক বজাত কাৰ্যালয়ত অহা এজন কৰ্মীয়ে|

প্ৰথম যুক্তি হ’ল, ক’ভিড আৰু আন্তঃজিলা যাতায়ত বন্ধ থকাৰ বাবে কৰ্মী আহিব পাৰা নাই কাৰ্যালয়লৈ| দ্বিতীয় যুক্তি, কৰ্মীসকল কাৰ্যালয়ত সদায় আহিলেও উপস্থিতিৰ বহিত স্বাক্ষৰ কৰিবলৈ পাহৰি যায়|

এই আজব কাৰ্যালয়খন হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী বিধান সভা সমষ্টিৰ ৰামকৃষ্ণ নগৰত থকা গড়কপ্তানী বিভাগৰ কাৰ্যালয়| চৰকাৰে পথবাটৰ উন্নয়নত বাধা নহোৱাৰ বাবে পাথাৰকান্দি আৰু ৰাতাবাড়ীৰ গড়কপ্তানী বিভাগৰ টেৰিটৰিয়েল অফিচ ৰাতাবাড়ীলৈ স্থানান্তৰিত কৰা হৈছিল| কিন্তু চৰকাৰৰ সেই প্ৰচেষ্টা অথল যাব ধৰিছে|

সাংবাদিক দেখি উপস্থতিৰ বহি লুকাই ৰাখিলেও পিছত ধৰা পৰে লুকুাই ৰখাৰ কাৰণ|

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 8 =

Back to top button