আন্তঃৰাষ্ট্ৰীয়

আজি আন্তঃৰাষ্ট্ৰীয় গড় দিৱস

সমগ্ৰ বিশ্বতে গড়ৰ পাঁচটাকৈ প্ৰজাতিৰ সুৰক্ষাৰ উদ্দেশ্যে ২২ ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয়

আজি আন্তঃৰাষ্ট্ৰীয় গড় দিৱস৷

 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এশিঙীয়া গড়ৰ বাবে অসম বিখ্যাত। কিয়নো এশিঙীয়া গড় কেৱল অসমতেই পোৱা যায়, অসমৰ গৌৰৱ এশিঙীয়া গড়।

সমগ্ৰ বিশ্বতে গড়ৰ পাঁচটাকৈ প্ৰজাতিৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ২২ ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় ৷ এই বিশেষ দিনটোৱে বিভিন্ন দায়িত্বশীল সংস্থাসমূহ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰ (এন জি অ’), চিৰিয়াখানাসমূহ তথা নাগৰিক সমাজলৈ তেওঁলোকৰ নিজৰ সুকীয়া সুকীয়া পদ্ধতিত গঁড় প্ৰজাতিটোৰ বাবে উৎসৱ উদ্‌যাপন কৰিবলৈ এক সুযোগ আনি দিয়ে ৷

ইয়াৰ উপৰিও সাধাৰণ লোকৰ মাজতো পৰিৱেশ তন্ত্ৰত গঁড়ৰ প্ৰয়োজনীয়তা, কেনদৰে গঁড়ৰ যতন ল’ব লাগে লগতে গঁড় সুৰক্ষাক সমৰ্থন সন্দৰ্ভত সজাগতা বৃদ্ধি কৰে ৷বিশ্ব গড় দিৱসৰ ইতিহাস :২০১০ চনত এইটো স্পষ্ট হৈছিল যে গঁড় কূলৰ দূৰ্দশাৰ বিষয়ে বিশ্বজুৰি লোকসকল অৱগত নাছিল৷

বহু লোকে আনকি এইটোও জনা নাছিল যে এই ৰাজকীয় প্ৰাণীবিধক সম্পূৰ্ণৰূপে হেৰুৱাৰ পথত আগুৱাই আগুৱাই আমি কিমানদূৰ পালোহি ৷ সেই সময়ত প্ৰজাতিটোৰ অৱস্থা ইমানেই সংকটজনক আছিল যে সমগ্ৰ বিশ্বজুৰি মুঠ ৩০ হাজাৰটাতকৈও কম সংখ্যক গঁড়হে বাচি অছিলগৈ ৷

গঁড়ৰ পাঁচটা প্ৰজাতি হ’ল- সুমাত্ৰীয় গঁড়, এশিঙীয়া গঁড়, ক’লা গঁড়, জাভান গঁড়, আৰু শুকুলা গঁড় ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − seven =

Back to top button