অসমপৰিৱেশবন্যপ্ৰাণী

কাজিৰঙাত ক্ৰমাৎ সুস্থ হৈ উঠিছে টংলাৰ পৌৰসভাৰ অত্যাচাৰত নিঠৰুৱা হোৱা বগলী পোৱালী কেইটা

'বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ'ত চিকিৎসাধীন অৱস্থাত আছে ৮৮ টা বগলী পোৱালী

টংলাৰ পৌৰসভাৰ অমানুষিক কাৰ্যত নিঠৰুৱা হোৱা বগলী পোৱালী কেইটাই এখন নতুন ঘৰ পালে। কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে বগলী পোৱালীকেইটা৷

টংলাৰ পৌৰসভাই বগলীৰ বাসস্থানসমূহ ধ্বংস কৰাৰ দৰে দায়িত্ব জ্ঞানহীন কাণ্ড কৰাৰ পাছতেই জাঙুৰ খাই উঠিছিল প্ৰকৃতিপ্ৰেমীৰ লগতে সচেতন মহল। অসম চৰকাৰৰ তৎপৰতাত কাজিৰঙাস্থিত পানবাৰীৰ ‘বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ’লৈ অনা হৈছিল বগলী পোৱালিকেইটা।

উদ্ধাৰ কৰা বগলীৰ সংগ্ৰহীত ফটো

ফটোঃকাজিৰঙাৰ ‘বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ’ত থকা বগলী পোৱালীকেইটা

সম্প্ৰতি ‘বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ’ত চিকিৎসাধীন অৱস্থাত আছে ৮৮ টা বগলী পোৱালী। অভিজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছে এই বগলী পোৱালিকেইটাক৷ বগলী পোৱালী কেইটাক প্ৰজাতি ভেদে পৃথকে ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে ৷ অচিৰেই পোৱালী কেইটা সুস্থ হৈ উঠিব বুলি আশাবাদী পশু চিকিৎক সকল৷ সম্পূৰ্ণ সুস্থ হৈ উঠিলে বগলীৰ পোৱালী কেইটাক পুনৰ প্ৰাকৃতিক পৰিৱেশত মুক্তমনে বিচৰণ কৰিবৰ বাবে এৰি দিয়া হ’ব বুলি ব্যক্ত কৰে পশু চিকিৎসক সকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.