অসমদুৰ্ঘটনাভাৰত

যাত্ৰীৰে সৈতে হঠাতে মাজ আকাশত সন্ধানহীন হ’ল এখন বিমান! ক’ত গ’ল বিমানখন?

পোখৰাৰ পৰা জোমচোমলৈ গৈ থকা বিমানখন হঠাতে সংযোগ বিচ্ছিন্ন হৈ নাইকীয়া হৈ পৰে নেপালৰ আকাশত

মাজ আকাশৰ পৰাই যাত্ৰীসহ সন্ধানহীন হ’ল বিমান।

আজি ২৯ মে’ পুৱা ভয়ংকৰভাবে যাত্ৰীৰে সৈতে সন্ধানহীন হৈ পৰে এখন বিমান।

পোখৰাৰ পৰা জোমচোমলৈ গৈ থকা বিমানখন হঠাতে সংযোগ বিচ্ছিন্ন হৈ নাইকীয়া হৈ পৰে নেপালৰ আকাশত।
যাত্ৰাৰ সময়ত বিমানখনত পাইলট আৰু পৰিচাৰিকাসহ মুঠ ২২ গৰাকী লোক আছিল। যাৰ ভিতৰত চাৰিগৰাকী ভাৰতীয় লোকো থকা বুলি জানিব পৰা গৈছে।

বিমান পৰিবহন বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি পুৱা প্ৰায় ১০.৩৫ মান বজাৰ পৰা কোনো খা খবৰ নাই বিমানখনৰ।

কাথমাণ্ডু পোষ্টে সদৰি কৰা অনুসৰি বিমান যাত্ৰাৰ সময়ত মুঠ ১৯ গৰাকী যাত্ৰী আছিল আৰু ৩ গৰাকী বিমানখনৰ ক্ৰু মেম্বাৰ।

উদ্ধাৰৰ বাবে বৰ্তমানে ঘটনাস্থলীলৈ সেনা আৰু ব্যক্তিগত হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.