অসম

চেহেৰী খোৱাই কাল হ’ল ছাত্ৰৰ, বয়জ হোষ্টেলত ক্ৰিকেট ষ্টাম্পেৰে ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ…

বঙাইগাঁও জিলাৰ বৰপথাৰৰ মহম্মদ ইমানুল হুছেইন নামৰ ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে ভু্ক্তভোগীৰ পৰিয়ালে।

পুনৰ বিতৰ্কত জৱাহৰ নৱোদয় বিদ্যালয়। চিৰাঙৰ ৰঞ্চাইধামস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ক লৈ চলিছে বিতৰ্ক। এজন ছাত্ৰক শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে।

 

১১ মে’ তাৰিখেই সংঘটিত হৈছিল এই ঘটনা। অভিযোগ উঠিছে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰ ক্ৰমে দ্বীপ আৰু গুঞ্জনৰ বিৰুদ্ধে। বঙাইগাঁও জিলাৰ বৰপথাৰৰ মহম্মদ ইমানুল হুছেইন নামৰ ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে ভু্ক্তভোগীৰ পৰিয়ালে।

 

ৰমজান মাহতে সূত্ৰপাত হৈছিল কাজিয়াৰ। উল্লেখ্য যে, ৰমজান মাহত হোষ্টেলত চেহেৰী খাবলৈ বাধা দিয়াৰ পিছতো চেহেৰী খাই ৰমজানৰ ৰোজা পালন কৰা ছাত্ৰজনে ঈদৰ বন্ধত ঘৰলৈ গৈছিল। ১১ মে’ তাৰিখে ঘৰৰ পৰা পুনৰ বিদ্যালয়লৈ যোৱা ছাত্ৰজনক সেই নিশাই ৯.৩০ বজাত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰই অন্য এটা কোঠালৈ মাতি নি ক্ৰিকেটৰ ষ্টাম্পেৰে প্ৰহাৰ কৰে।

 

আনকি, ছাত্ৰজনক প্ৰহাৰ কৰাৰ কথা পৰিয়ালৰ লোক বা শিক্ষকক জনালে ছাত্ৰজনক প্ৰাণে মৰাৰো ভাবুকি দিয়ে দ্বীপ আৰু গুঞ্জনে। বৰ্তমান আঘাতপ্ৰাপ্ত ছাত্ৰজনক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে, ঘটনা সন্দৰ্ভত বাসুগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ কথা জনায় মহম্মদ ইমানুল হুছেইনৰ পৰিয়ালৰ লোকে। শীঘ্ৰেই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.