অসমআঞ্চলিকদুৰ্ঘটনা

কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন ট্ৰাক

অন্ধকাৰৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ঘটনাগ্ৰস্ত কণ্টেইনাৰখনৰ চালকে৷

কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰত বাগৰি পৰিল এখন দহচকীয়া৷ দুৰ্ঘটনাত আহত ট্ৰাকখনৰ চালক মনোজ চাহ ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ ডুমডুমাৰ পৰা হায়দৰাবাদলৈ হিন্দুস্তান লিভাৰ কোম্পানীৰ প্ৰসাধন সামগ্ৰী কঢ়িয়াই নিছিল ট্ৰাকখনে ৷ কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰতে বাগৰি পৰে ট্ৰাকখন। ষ্টিয়েৰিং জাম হৈ থকা ট্ৰাকখনে এখন মালবাহী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈ দলঙৰ ৰেলিঙত খুন্দা মাৰে। বৃহস্পতিবাৰে নিশা প্ৰায় ১-২ বজাত ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ ফলত ট্ৰাকখনৰ চালকজন আহত যদিও দিলীপ টাছা বুলি চিনাক্ত কৰা ট্ৰাকৰ হেণ্ডিমেনজন এতিয়াও সন্ধানহীন হৈ আছে। অনুমান কৰা হৈছে যে সংঘৰ্ষৰ পিছতেই তেওঁ নদীত জাঁপ দিয়ে।

কলিয়াভোমোৰা দলংখন অন্ধকাৰে আৱৰি থকাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ চালকে৷

ইতিমধ্যে, দুৰ্ঘটনাস্থলীত SDRF, NDRF, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী তথা যান-বাহন আৰক্ষী উপস্থিত হৈ ট্ৰাকখন আঁতৰোৱাৰ চেষ্টা চলাইছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.