Electionleatest updatenationalPMo india

মধ্যপ্ৰদেশ, ছত্তীশগড়ত অব্যাহত ভোটগ্ৰহণ; নিৰ্বাচনৰ মাজতে মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা।

ছত্তীশগড়ৰ তুলনাত মধ্যপ্ৰদেশত ভোটদানৰ হাৰ অধিক।

মধ্যপ্ৰদেশ, ছত্তীশগড়ত অব্যাহত ভোটগ্ৰহণ। লাহে লাহে বৃদ্ধি পাইছে ভোটগ্ৰহণৰ হাৰ। ছত্তীশগড়ৰ তুলনাত মধ্যপ্ৰদেশত ভোটদানৰ হাৰ অধিক। ছত্তীশগড়ত পুৱা ১ বজা পৰ্যন্ত ৩৭.৮৭%ৰ ভোটদান। মধ্য প্ৰদেশত ১ বজা পৰ্যন্ত ভোটদানৰ হাৰ ৪৫.৪০%। মধ্যপ্ৰদেশত ২৩০খন আসনত হৈছে প্ৰতিদ্বন্দ্বিতা। ২,৫৩৩গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ৫.৬ কোটি ভোটাৰে নিৰ্ণয় কৰিব মধ্যপ্ৰদেশৰ ৰাজনৈতিক ভৱিষ্যৎ। ছত্তীশগড়ত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৭০টা সমষ্টিত ৯৫৮গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা।

উল্লেখ্য যে, নিৰ্বাচনৰ মাজতে মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা। বিমানী বিধানসভা সমষ্টিত দুটা গোটৰ মাজত সংঘটিত হয় সংঘৰ্ষ। ম’ৰেনাৰ মিৰঘান এলেকাত এই সংঘৰ্ষ। সংঘৰ্ষত আহত হৈছে এজন লোক। ঘটনাস্থলীলৈ ৰাওনা আৰক্ষী-প্ৰশাসনৰ উচ্চপদস্থ বিষয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button