অৰ্থনৈতিকঅসম

কিস্তি নিদিয়াৰ বাবে গ্ৰাহকৰ ঘৰৰ চিলিণ্ডাৰ উঠাই নিলে মাইক্রোফাইন্যান্স কৰ্মীসকলে

আৰোহন নামৰ মাইক্রোফাইন্যান্সৰ কৰ্মীসকলে আজি শিলচৰ মালুগ্ৰাম অঞ্চলৰ এক গ্ৰাহকৰ ঘৰৰ পৰা কিস্তি নিদিয়াৰ বাবে তুলি লৈ গ'ল চিলিণ্ডাৰসহ ঘৰৰ বিভিন্ন সামগ্ৰী

মাইক্রোফাইন্যান্সৰ কিস্তি নিদিয়াৰ বাবে গ্ৰাহকৰ ঘৰৰ পৰা চিলিণ্ডাৰ সহ বিভিন্ন সামগ্ৰী তুলি লৈ গল মাইক্রোফাইন্যান্সৰ কৰ্মী সকলে৷ ঘটনা লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে শিলচৰ মালুগ্ৰামত৷

আৰোহন নামৰ মাইক্রোফাইন্যান্সৰ কৰ্মীসকলে আজি শিলচৰ মালুগ্ৰাম অঞ্চলৰ এক গ্ৰাহকৰ ঘৰৰ পৰা কিস্তি নিদিয়াৰ বাবে তুলি লৈ গ’ল চিলিণ্ডাৰসহ ঘৰৰ বিভিন্ন সামগ্ৰী৷ পিছে এই ঘটনাক লৈ উত্তেজিত ৰাইজে মাইক্রোফাইন্যান্সৰ কৰ্মী সকলক আটক কৰি ৰাখে। ফলত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ৷

উত্তেজিত ৰাইজৰ প্ৰশ্ন, “মাইক্রোফাইন্যান্সৰ কৰ্মী সকলক কোনে অনুমতি দিলে ঘৰৰ পৰা সামগ্ৰী তুলি লৈ যোৱাৰ বাবে?”
দীৰ্ঘ সময় দৰি কৰ্মী দুইজনক আটক কৰি ৰখাৰ পাছত আৰক্ষীক মাতি আনি গতাই দিয়ে ৰাইজে৷ ঘটনাক কেন্দ্ৰ কৰি মালুগ্ৰামত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷ আৰক্ষীয়ে উপস্থিত হৈ ঘটনাটো নিয়ন্ত্ৰণ কৰে যদিও মালুগ্ৰাম জুড়ি চেপা উত্তেজনায় এতিয়াও বিৰাজ কৰি আছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.