খাদ্যস্বাস্থ্য

অত্যধিক পৰিমাণে ফুলকবি খোৱাৰ ফলত শৰীৰত কি কি ৰোগে দেখা দিব পাৰে!

স্বাস্থ্যৰ বাবে কিমান উপযোগী ফুলকবি!

শীতকালত উৎপাদিত অন্যতম পাচলি হৈছে ফুলকবি। প্ৰায়ভাগ লোকৰে প্ৰিয় এই ফুলকবি। ফুলকবিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি ধাৰণা কৰি লয় প্ৰায় লোকে। ফুলকবিৰ ভাজি, মাছৰ সৈতে ফুলকবি, মুঠতে বিভিন্নধৰণেৰে আঞ্জা বনাই খাই ফুলকবি। কিন্তু, অত্যধিক পৰিমাণে ফুলকবি খোৱাৰ ফলত হজম শক্তি কমি যায়, স্বাস্থ্যৰ ক্ষতি হয়। কিয়নো ফুলকবি উৎপাদনত যথেষ্ট পৰিমাণে ৰাসায়নিক কীটনাশক দ্ৰৱ ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

 

 

বিশেষজ্ঞসকলৰ মতে ফুলকবিত ৰাফিনোজ নামৰ এবিধ উপাদান থাকে। যি আচলতে একধৰণৰ কাৰ্বহাইড্ৰেট। ফলত ফুলকবি বা কাৰ্বহাইড্ৰেটযুক্ত পাছলি খালে ই অন্ত্ৰত প্ৰৱেশ কৰে তেতিয়া তাত থকা বেক্টেৰিয়াসমূহ সক্ৰিয় হ’বলৈ আৰম্ভ কৰে। ফলত পেটত গেছৰ সৃষ্টি হয় আৰু পেট ফুলিবলৈ ধৰে। সেয়ে ফুলকবিৰ ব্যঞ্জন প্ৰস্তুত কৰাৰ পূৰ্বে ইয়াক কিছুসময় উতলা পানীত সিজাই পানী পেলাব লাগে। কিন্তু এনে পদ্ধতিৰে ফুলকবি খালেও অত্যধিক হাৰত খোৱাৰ পৰা বিৰত থকাতো স্বাস্থ্যৰ পক্ষে ভাল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.