অসমবোলছবি

দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ আহি আছে অসমীয়া বোলছবি ‘ৰাইন’ Express’…

ৰাইন' Expressত একেলগে দেখা পোৱা যাব অসমীয়া চিনেমা জগতৰ কেইবাখনো চিনাকি মুখ। কেকেদা খ্যাত সিদ্ধাৰ্থ শৰ্মা, বিবেক বৰা, উদয়ন দুৱৰাৰ লগতে চিনেমাখনত অভিনয় কৰিছে অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে।

অতিশীঘ্ৰে চিত্ৰগৃহলৈ আহি আছে হাস্যমধুৰ অসমীয়া বোলছবি ‘ৰাইন’ Express’। শনিবাৰে, দৰ্শকৰ বাবে মুকলি কৰা হ’ল প্ৰথম অসমীয়া হাস্যৰসিক বোলছবিখনৰ ট্ৰেইলাৰ। খ্ৰীষ্টানবস্তিস্থিত চেন্ট্ৰেল মলত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল চিনেমাখনৰ পোষ্টাৰ, যি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত চিনেমাৰ সৰ্ববৃহৎ পোষ্টাৰ।

দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ আহি আছে অসমীয়া বোলছবি 'ৰাইন' Express'...

 

পৰিচালক মণি সিনহাৰ দ্বাৰা পৰিচালিত বোলছবিখনে শুভমুক্তি লাভ কৰিব ৪ মাৰ্চত। Khusi Entertainmentৰ বেনাৰত নিৰ্মিত চিনেমাখনৰ প্ৰযোজনা কৰিছে অজয় বাৰ্মাই। ৰাইন’ Expressত একেলগে দেখা পোৱা যাব অসমীয়া চিনেমা জগতৰ কেইবাখনো চিনাকি মুখ। কেকেদা খ্যাত সিদ্ধাৰ্থ শৰ্মা, বিবেক বৰা, উদয়ন দুৱৰাৰ লগতে চিনেমাখনত অভিনয় কৰিছে অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। ইয়াৰ লগতে আন বহুতো ন-পুৰণি শিল্পীয়ে ভুমুকি মাৰিব ৰাইন’ Expressত। চিনেমাখনত অভিনয় কৰিছে চেতনা দাস, জয়ন্ত ভাগৱতী, জীত বৰুৱা, ৰাজীৱ বৰঠাকুৰ, ৰেখা শ্ৰুতি নাথ, গৰিমা কাশ্যপ, মনোজ গগৈ আৰু ফাইলৌ বসুমতাৰীয়ে।

দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ আহি আছে অসমীয়া বোলছবি 'ৰাইন' Express'...

 

এই বোলছবিখনক লৈ যথেষ্ট আশাবাদী ৰাইন’ Expressৰ সমূহ কলা-কুশলী। ট্ৰেইলাৰ মুকলিৰ পাছত হাস্যমধুৰ এই চিনেমাখনৰ শুভমুক্তিৰ বাবে এতিয়া আশাৰে বাট চাই ৰৈছে সমূহ দৰ্শক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 6 =

Back to top button