অসম

ঘোষিত হ’ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। ত্ৰিদিৱ-ঋতুৰাজ ধ্বনিৰে মুখৰিত দেৱদাৰু নগৰী

ঘোষিত হ'ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।

ঘোষিত হ’ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনৰ ফলাফল। যোৱাকালি অৰ্থাৎ ১০ নৱেম্বৰত অনুষ্ঠিত হৈছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। মুঠ ১৬টা পদৰ ভিতৰত ১৫টাৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ফুটবল আৰু হকী শাখাৰ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে পোহৰ দেৱবাৰ্মাই।

 

আজি ঘোষিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসমূহ হ’ল:
সভাপতি পদত জয়ী ত্ৰিদিৱ ভাগৱতী
সাধাৰণ সম্পাদক জয়ী ঋতুৰাজ শইকীয়া
সহকাৰী সাঃ সম্পাদিকা হিচাপে জয়ী নয়না বৰা
উপ-সভাপতি হিচাপে জয়ী হিমপৰ্ণা দাস
সাহিত্য সম্পাদক হিচাপে জয়ী অংকুৰ জ্যোতি শইকীয়া
ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত জয়ী ছুনছুকি ৰামছিয়াৰীৰ
তৰ্ক বিভাগৰ সম্পাদক হিচাপে জয়ী বিনয় কলিতা
সমাজসেৱা বিভাগৰ সম্পাদক হিচাপে জয়ী বিতোপন দলে
এথলেটিকছৰ সম্পাদক পদত জয়ী আন্না তিমুংপী
সংগীত সম্পাদক পদত জয়ী বহ্নিমান গোহাঁই
সাংস্কৃতিক সম্পাদক পদত জয়ী ৰিমলিম ভূঞা
ক্ৰিকেট সম্পাদক পদত জয়ী দীপজ্যোতি বৈশ্য
লঘু ক্ৰীড়া সম্পাদক পদত লিছা মেধিৰ জয়লাভ
শৰীৰ চৰ্চা বিভাগত দেৱজ্ঞান বৰুৱাৰ জয়
বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে পোহৰ দেৱবাৰ্মা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.