আন্তঃৰাষ্ট্ৰীয়ভাৰত

আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব বাৰ্তালাপ

ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত বাৰ্তালাপ কৰিছিল।

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে যুদ্ধ। আজি দ্বাদশ দিন। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে ফোনযোগে কৰিব বাৰ্তালাপ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত বাৰ্তালাপ কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীক কৈছিল যে, যে ইউক্ৰেইনৰ সেনাই তাত থকা ভাৰতীয় ছাত্ৰ–ছাত্ৰীক আবদ্ধ কৰিছে আৰু তেওঁলোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ লগতে ইউক্ৰেইনৰ সেনাই ভাৰতীয়ক ৰাছিয়া ক্ষেত্ৰলৈ যোৱাত বাধা দিয়া বুলিও উল্লেখ কৰে।

এই সংকটৰ মাজতে, ভাৰত চৰকাৰে ‘অপাৰেচন গংগা’ৰ জৰিয়তে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আবদ্ধ ১৩,৭০০ লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে।

উল্লেখ্য যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পূৰ্বে ভাৰতক ৰাছিয়াকৰ সৈতে আলোচনা কৰি যুদ্ধ বন্ধ কৰাত সহায় কৰিবলৈ আহ্বান জনাইছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.