অসম

GU ৰেগিং কাণ্ড। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটি গৈছিল কনিষ্ঠ ছাত্ৰৰ!

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত পোহৰলৈ আহিছে ৰেগিঙৰ ঘটনা

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত পোহৰলৈ আহিছে ৰেগিঙৰ ঘটনা। ৰেগিঙৰ ঋণাত্মক প্ৰভাৱে প্ৰভাৱিত কৰিছে বহু ছাত্ৰৰ শিক্ষা জীৱন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৱাসতো ৰেগিঙৰ নামত কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই মাৰধৰ কৰাৰ অভিযোগ আনিছে গোৱালপাৰাৰ এজন ছাত্ৰই। আৰৱী বিভাগৰ ছাত্ৰ হজৰত আলীয়ে আনিছে এই গুৰুতৰ অভিযোগ। নিশা হোষ্টেলত সুৰাপান কৰি জ্যেষ্ঠ ছাত্ৰই মাৰধৰ কৰাৰ অভিযোগো ছাত্ৰজনৰ। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটি গৈছিল হজৰতৰ। ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দিছিল যদিও কোঠাত তলা মাৰিয়েই দায়িত্ৱ সামৰে কৰ্তৃপক্ষই। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰো অভিযোগ ছাত্ৰজনৰ। যুৱকজনৰ ঘৰ গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত ভেৰভেৰি ভূঁঞাপাৰা গাঁওত। ২০২১ বৰ্ষৰ আৰবী বিষয়ৰ স্নাতকোত্তৰ ছাত্ৰ আছিল হজৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.