অসম

মহানগৰীত নিগম যুদ্ধ! কোন হ’ব বিজয়ী?

এইবাৰৰ GMC নিৰ্বাচনৰ মুঠ ভোটাৰ হৈছে ৭,৯৬,৮০৭গৰাকী। পুৰুষ ভোটাৰৰ সংখ্যা ৩,৯৭,১২৮গৰাকী আৰু আনহাতে, মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪,০০,৬৫৪গৰাকী। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ২৬গৰাকী।

আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা মহানগৰীৰ ৱাৰ্ডে-ৱাৰ্ডে আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোট দিবলৈ পুৱাতেই ওলাই আহিল মহানাগৰিক।

 

৬০টা ৱাৰ্ডৰ ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হৈছে নিৰ্বাচন। ইয়াৰে, ৩টা ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হ’ল বিজেপি। ৫, ৬ আৰু ২২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী। মহানগৰীৰ ৫৭টা ৱাৰ্ডৰ ভিতৰত ৭৫৭টা ভোটকেন্দ্ৰতেই অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৯৭গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচন।

 

এইবাৰৰ GMC নিৰ্বাচনৰ মুঠ ভোটাৰ হৈছে ৭,৯৬,৮০৭গৰাকী। পুৰুষ ভোটাৰৰ সংখ্যা ৩,৯৭,১২৮গৰাকী আৰু আনহাতে, মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪,০০,৬৫৪গৰাকী। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ২৬গৰাকী।

 

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে GMC নিৰ্বাচনত ব্যৱহৃত EVM। ৮০টা ভোটকেন্দ্ৰ পৰিচালনা মহিলাৰ দ্বাৰা। বিয়লি ৪.৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ। দেওবাৰে, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ’ব ভোটগণনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 15 =

Back to top button