অপৰাধঅসমচিকিৎসাদুৰ্ঘটনা

কেইটামান টকাৰ বাবে কৰ্তব্য বাদ দি ব্যক্তিগত ক্লিনিকত চিকিৎসা প্রদান কৰে চিকিৎসকে

খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি। কৰ্তব্যৰ সময়ত শিশু বিশেষজ্ঞ কপিল দাসক চিকিৎসালয়ৰ পৰিৱৰ্তে ব্যক্তিগত ক্লিনিকতহে চিকিৎসা প্রদান কৰে চিকিৎসকগৰাকীয়ে।

খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি। কৰ্তব্যৰ সময়ত শিশু বিশেষজ্ঞ কপিল দাসক চিকিৎসালয়ৰ পৰিৱৰ্তে ব্যক্তিগত ক্লিনিকতহে চিকিৎসা প্রদান কৰে চিকিৎসকগৰাকীয়ে। হস্পিতালখনৰ সমীপতে থকা মইনা মেডিকেল হলত দীৰ্ঘদিন ধৰি ব্যক্তিগতভাৱে প্ৰতিজন ৰোগীৰ পৰা ৩০০ টকাকৈ সংগ্ৰহ কৰি ৰোগী চোৱাৰ অভিযোগ উত্থাপিত হৈছে শিশু বিশেষজ্ঞ কপিল দাসৰ বিৰুদ্ধে।

দেওবাৰে পোৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ ডিউটি আছিল চিকিৎসক গৰাকীৰ। সাংবাদিকে চিকিৎসক গৰাকীৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত চাহ খাবলৈ গৈ এজন ৰোগীক ব্যক্তিগত ভাৱে চিকিৎসা প্ৰদান কৰিছে বুলি মন্তব্য কৰে।

ইফালে দীৰ্ঘদিন ধৰি মইনা মেডিকেল হলৰ সত্বাধিকাৰীৰে চিকিৎসকৰ মিতিৰালী কৰি ব্যক্তিগতভাৱে ধন সংগ্ৰহ কৰি চিকিৎসা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে খাৰুপেটীয়া আঞ্চলিক আমছুৱে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.