![অসমৰ জনপ্ৰিয় ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত Sports Authority of Indiaৰ। অসমৰ জনপ্ৰিয় ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত Sports Authority of Indiaৰ।](https://prathamkhabartv.com/wp-content/uploads/2023/04/SAI-780x470.jpg)
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হঠকাৰী সিদ্ধান্ত। অসমৰ জনপ্ৰিয় ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত Sports Authority of Indiaৰ।
SAIয়ে জাৰি কৰা শেহতীয়া জাননীত চাঞ্চল্য।
শেহতীয়াকৈ জাৰি কৰা এখন জাননী মৰ্মে কোকৰাঝাৰ কেন্দ্ৰত আৰু নাথাকিব ফুটবল, কাবাদী ইভেণ্ট। ছোৱালীৰ টাইকোৱানডো ইভেণ্টো কৰ্তনৰ সিদ্ধান্ত SAIৰ। লখিমপুৰ SAI কেন্দ্ৰৰ পৰাও ফুটবল আঁতৰোৱাৰ জাননী।
কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ ভিত্তিত ২০০৬ চনত কোকৰাঝাৰত SAIৰ জৰিয়তে গঢ়ি তোলা হৈছিল এই ক্ৰীড়া কেন্দ্ৰ। য’ৰ পৰা জন্ম হৈছিল হলীচৰণ নাৰ্জাৰীৰ, অপৰ্ণা নাৰ্জাৰীৰ দৰে অসংখ্যক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খেলুৱৈৰ।
তেনেস্থলত কোকৰাঝাৰ কেন্দ্ৰৰ পৰা ফুটবল ইভেণ্ট কৰ্তন কৰিব খোজা বিষয়টোৱে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।