অভিনয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

৭০ বছৰ গৰকিলে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে

বলীউডতৰ অভিনয় জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল শ্বাবানা আজমীয়ে

বলীউডৰ এগৰাকী জ্যেষ্ঠ আৰু নাম থকা হিচাপে সততে মনলৈ অহা এগৰাকী অভিনেত্ৰী হৈছে শ্বাবানা আজমী৷ ১৯৫০ চনৰ ১৮ ছেপ্তেম্বৰত হায়দৰাবাদত জন্মগ্ৰহণ কৰা বৰ্ষীয়ান অভিনেত্ৰীগৰাকীৰ আজি জন্মবাৰ্ষিকী৷

বলীউডতৰ অভিনয় জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল প্ৰখ্যাত গায়ক কৈফী আজমীৰ জীয়ৰী শ্বাবানা আজমী। বহুকেইখন হিন্দী চিনেমা, দুৰদৰ্শনত কৰা অভিনয়ৰ বাবে শ্বাবানা আজমীয়ে অভিলেখসংখ্যক পাঁচবাৰকৈ নেছনেল ফিল্ম এৱাৰ্ড আৰু ফিল্মফেয়াৰ এৱাৰ্ডছ লাভ কৰিবলৈ সক্ষম হৈছিল৷

অভিনয়ৰ সমানে ব্যক্তিগত জীৱনৰ বাবেও সেই সময়ত চৰ্চাত আছিল মোহময়ী অনেত্ৰীগৰাকীয়ে৷ প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম৷ এই প্ৰেমে পৰৱৰ্তী সময়ত চিৰস্থায়ী সম্পৰ্কলৈ ৰূপান্তৰিত হয়৷

পিতৃ পৰিয়ালে সমৰ্থন নকৰাৰ পিছতো আজমীয়ে নিজতকৈ দহ বছৰৰ জ্যেষ্ঠ শিল্পী, গীতিকাৰ তথা সংগীত পৰিচালক জাভেদ আখতাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ উল্লেখ্য যে, জাভেদ আখতাৰ পূৰ্বৰ পত্নীৰ ফালৰ পৰা আছিল দুটি সন্তানৰ পিতৃ৷ এই সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পিছতে শ্বাবানৰ পিতৃ ক্ষোভিত হৈ পৰে৷ বহু ঘাত-প্ৰতিঘাতৰ অন্তত পিতৃয়ে শ্বাবানা-জাভেদৰ সম্পৰ্কক স্বীকৃতি দিবলৈ বাধ্য হয়৷

৭০ সংখ্যক জন্মদিন উপলক্ষ্যে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীলৈ নিউজ টাইম অসমৰ পৰা অলেখ শুভেচ্ছা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button