অপৰাধজম্মু-কাশ্মীৰ

সন্ত্ৰাসবাদীৰ গুলীত নিহত ফুচকা বেপাৰী, তেজে তুমৰলি মৃতদেহৰ কাষত সিঁচৰতি হৈ পৰি ৰ’ল দিনটোৰ উপাৰ্জন…

উল্লেখ্য যে, ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ এজন কাঠমিস্ত্ৰীকো পুলৱামা জিলাত গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। আনহাতে, চলিত মাহৰ প্ৰথম ভাগতে শ্ৰীনগৰৰ হাৱাল অঞ্চলত বীৰেন্দৰ পাচৱান নামৰ এজন ব্যৱসায়ীকো গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে

নিৰীহৰ ওপৰত চলিছে সন্ত্ৰাসবাদীৰ বৰ্বৰতা। এইবাৰ হত্যাকাৰীৰ গুলীত ধৰাশায়ী ফুচকা বেপাৰী। ফুচকা বিক্ৰী কৰি থকাৰ সময়তে এগৰাকী ফুচকা বেপাৰীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বত্তই। এই ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত।

শ্ৰীনগৰৰ ইদগাহ অঞ্চলৰ এখন উদ্যানৰ ওচৰত নিতৌ বিয়লি ফুচকা বিক্ৰী কৰিবলৈ আহিছিল বিহাৰৰ বানকা জিলাৰ অৰবিন্দ কুমাৰ শ্বাহ নামৰ যুৱকজন। জম্মু-কাশ্মীৰত ফুচকা বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহ-পাল দিয়াৰ সপোন দেখিছিল ৩০ বছৰীয়া শ্বাহে। কিন্তু শ্বাহৰ সকলো সপোন, দুখীয়া পৰিয়ালটোক আৰ্থিক দৈন্যতাৰ পৰা আঁতৰ কৰাৰ সপোন নিমিষতে ছাৰখাৰ হ’ল। সন্ত্ৰাসবাদীৰ বুলেটৰ আঘাতত চিৰদিনৰ বাবে গুচি গ’ল শ্বাহ।

সকলোৰে লগত সুন্দৰভাৱে কথা-বতৰা পতা, অমায়িক স্বভাৱৰ শ্বাহ আছিল বহুতৰে প্ৰিয়। কেতিয়াবা ফুচকা বিক্ৰী কৰি থাকোতে গ্ৰাহকক বিহাৰৰ কাহিনী, নিজ চহৰৰ দৈন্যতাৰ কথাও কৈছিল মৃত শ্বাহে।

শনিবাৰে, তেজে তুমৰলি অৱস্থাত ফুচকা বিক্ৰী কৰা থেলাৰ ওচৰতে পৰি থকা শ্বাহৰ আধাৰ কাৰ্ড চাই আৰক্ষীয়ে চিনাক্ত কৰিছিল মৃতদেহ। শ্বাহৰ মৃতদেহৰ কাষতে সিঁচৰতি হৈ পৰি আছিল ফুচকা বিক্ৰী কৰি অৰবিন্দই পোৱা দিনটোৰ উপাৰ্জন।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ এজন কাঠমিস্ত্ৰীকো পুলৱামা জিলাত গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। আনহাতে, চলিত মাহৰ প্ৰথম ভাগতে শ্ৰীনগৰৰ হাৱাল অঞ্চলত বীৰেন্দৰ পাচৱান নামৰ এজন ব্যৱসায়ীকো গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.