AssamInternationalSocialঅসমআঞ্চলিকদৈনিক বাতৰিপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ভয়ংকৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ!

৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত আহিব ধুমুহা! 

ভয়ংকৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ! ঘণ্টাত আহিব পাৰে ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত ধুমুহা!  ৰাজ্যৰ ভিন্নপ্ৰান্তত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ ভিন্নপ্ৰান্তত শুকুৰবাৰ আৰু শনিবাৰে হৈছিল ধাৰাসাৰ বৰষুণ। ধাৰাসাৰ বৰষুণ-ধুমুহাৰ মাজতে আহিছে আন খবৰ। কাইলৈৰ পৰা ৰাজ্যত কালৰূপ ধাৰণ কৰিব পাৰে বতৰে। ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা। ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ২২ এপ্ৰিলত অসম, মেঘালয়, নাগালেণ্ডত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত আহিব ধুমুহা । ২৫ এপ্ৰিললৈকে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।আনহাতে ২৩ এপ্ৰিলত অৰুণাচল প্ৰদেশত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 1 =

Back to top button