Socialকৃষিভাৰত

কৃষক বিদ্ৰোহৰ এবছৰ, আকাশ-বতাহত গুঞ্জৰিত পাঞ্জাৱী আৰু হাৰিয়ানী গান…

কৃষক বিৰোধী বিধেয়কৰ বিৰুদ্ধে ২০২০ চনৰ নৱেম্বৰত আৰম্ভ হৈছিল কৃষক বিদ্ৰোহ। কৃষক সমাজক ক্ষতি কৰা তিনিখন বিধেয়কৰ বাতিলৰ দাবীৰ কৃষকসকলে উলিয়াইছিল Dilli Chalo প্ৰতিবাদী কাৰ্যসূচী।

কৃষক বিদ্ৰোহৰ এবছৰ সম্পূৰ্ণ। কৃষিপ্ৰধান দেশত কৃষকৰ জয় হ’ল। কৃষকৰ শক্তিশালী স্থিতিৰ ওচৰত নতশিৰ হৈ ১৯ নৱেম্বৰ, ২০২১ তাৰিখে বিতৰ্কিত, বহুল চৰ্চিত ক’লা কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা সিদ্ধান্তই সলনি কৰিলে সকলো। এবছৰ ধৰি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীৰে দেশজুৰি প্ৰতিবাদত বহা কৃষকক সকাহ দিলে কেন্দ্ৰীয় চৰকাৰৰ এটা ঘোষণাই।

কৃষক বিদ্ৰোহৰ এবছৰ, আকাশ-বতাহত গুঞ্জৰিত পাঞ্জাৱী আৰু হাৰিয়ানী গান...

কৃষক বিৰোধী বিধেয়কৰ বিৰুদ্ধে ২০২০ চনৰ নৱেম্বৰত আৰম্ভ হৈছিল কৃষক বিদ্ৰোহ। কৃষক সমাজক ক্ষতি কৰা তিনিখন বিধেয়কৰ বাতিলৰ দাবীৰ কৃষকসকলে উলিয়াইছিল Dilli Chalo প্ৰতিবাদী কাৰ্যসূচী।

কৃষক বিদ্ৰোহৰ এবছৰ, আকাশ-বতাহত গুঞ্জৰিত পাঞ্জাৱী আৰু হাৰিয়ানী গান...

শুকুৰবাৰে, এই প্ৰতিবাদৰ বৰ্ষপূৰ্তিৰ দিনটোতে পোহৰ আৰু পোষ্টাৰেৰে সজ্জিত শতাধিক ট্ৰেক্টৰ লৈ দিল্লীৰ সিংঘু সীমান্তইদি সমদল উলিয়ায় কৃষকসকলে। সমদলত পাঞ্জাৱী আৰু হাৰিয়ানী গীতেৰে মুখৰিত হ’ল চৌপাশ। কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ক’লা কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত, আজি বিদ্ৰোহৰ বৰ্ষপূৰ্তিৰ দিনটোত কৃষকসকলে উলিয়ায় এই সমদল।

কৃষক বিদ্ৰোহৰ এবছৰ, আকাশ-বতাহত গুঞ্জৰিত পাঞ্জাৱী আৰু হাৰিয়ানী গান...

আনহাতে, দিল্লী-উত্তৰপ্ৰদেশ সীমান্ততো পৰিলক্ষি হ’ল কৃষকৰ বৃহৎ ৰেলী। কৃষকে উলিওৱা সমদলৰ বাবে দিল্লী সীমান্তত কটকটীয়া কৰা হ’ল নিৰাপত্তা।

কৃষক বিদ্ৰোহৰ এবছৰ, আকাশ-বতাহত গুঞ্জৰিত পাঞ্জাৱী আৰু হাৰিয়ানী গান...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও শুকুৰবাৰে অভিনন্দন জনায় কৃষকসকলক। অতি সাহস আৰু ধৈৰ্য্যৰে এবছৰ ধৰি কৃষক বিৰোধী আইনৰ প্ৰতিবাদ কৰা সকলোকে তেওঁলোকৰ আন্দোলনৰ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিদ্ৰোহৰ সময়ত প্ৰাণ হেৰুওৱা ৭০০তকৈও অধিক কৃষকক সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আবেদন জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 11 =

Back to top button