অসমগুৱাহাটীবলিউডভাৰতমনোৰঞ্জন

স্বৰা ভাস্কৰৰ বিবাহ অবৈধ!

অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বীয়ে ক’লে অভিনেত্ৰীগৰাকীয়ে মানি চলিব লাগিব চৰ্ত, কি চৰ্ত?

অভিনেত্ৰী স্বৰা ভাস্কৰৰ বিবাহকলৈ এতিয়াও অব্যাহত আছে বিতৰ্কৰা ইয়াৰ মাজতে অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বী মৌলানা শাহবুদ্দিন ৰিজবীয়ে কৈছে যে স্বৰা-ফাহাদৰ বিবাহ অবৈধ। স্বৰাই বিবাহ বৈধ কৰিবলৈ কেতবোৰ চৰ্তবোৰ মানিব লাগিব।

মুছলিম জামাতৰ মুৰব্বীগৰাকীয়ে স্বৰাৰ বিবাহৰ বৈধতা সম্পর্কে প্রশ্ন উত্থাপন কৰি এনেদৰে মন্তব্য কৰে৷ অভিনেত্ৰী স্বৰা ভাস্কৰে যোৱা সপ্তাহত তেওঁৰ বিবাহৰ কথা ঘোষণা কৰিছিল। সমাজবাদী পাৰ্টিৰ এজন যুৱ নেতা ফাহাদ আহমেদৰ সৈতে স্বাৰাৰ বিয়া হৈছিল। তেওঁলোকে ১৬ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল।

সৰ্বভাৰতীয় মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজৱীয়ে কৈছে যে নিয়ম অনুসৰি স্বৰাই ইছলাম গ্ৰহণ কৰিব লাগে।তেওঁৰ মতে যদি স্বাৰাই ইছলাম ধৰ্ম গ্ৰহণ নকৰে তেন্তে বিবাহ অবৈধ হ’ব। অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজৱীয়ে কয়, “স্বৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগিব, তেতিয়াহে এই বিবাহ বৈধ হ’ব।” যদি এগৰাকী মহিলাই মূৰ্তিৰ উপাসনা কৰে, তেন্তে কোনো মুছলমান পুৰুষে তেওঁক বিয়া কৰাব নোৱাৰে। ইছলামত এনে বিবাহৰ কোনো স্থান নাই।

স্বৰা-ফাহাদে ৬ জানুৱাৰীত বিবাহৰ আবেদনৰ নথিপত্ৰ পঞ্জীয়ন কাৰ্যালয়ত দাখিল কৰিছিল। তেওঁ অৱশেষত বৃহস্পতিবাৰে বিয়াখনৰ কথা প্ৰকাশ কৰিছিল। অনুৰাগীসকল নায়িকাৰ বিবাহৰ খবৰক লৈ উৎসাহিত হৈ পৰিছে। আন কিছুমানে আকৌ এই বিবাহকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.