Assamleatest update

কিয় গ্ৰেপ্তাৰ হোৱা নাই বিতৰ্কিত চিকিৎসক সীমান্তজ্যোতি টায়ে

দশম শ্ৰেণীৰ ছাত্ৰীক গোপনে অস্ত্ৰোপচাৰ কৰি বিতৰ্কত চিকিৎসক সীমান্তজ্যোতি টায়ে আৰু ব্ৰহ্মপুত্ৰ নাৰ্চিং হোম

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমৰ ঘটনাই কঁপাইছে ৰাজ্য। এগৰাকী দশম শ্ৰেণীৰ অন্তঃসত্বা ছাত্ৰীক গোপনে অস্ত্ৰোপচাৰ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত। ইতিমধ্যে এই ঘটনাত মৰাণ আৰক্ষীয়ে ১১ গৰাকী লোকক আটক কৰিছে। মূল অভিযুক্ত ভাৰত মুণ্ডাক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ। পিছে এই ঘটনাত এতিয়াও তদন্তৰ আওতালৈ অহা নাই ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন।

তাৰ বিপৰীতে শনিবাৰে সংবাদমেল জৰিয়তে চাফাই দিয়াৰ চেষ্টা ব্ৰহ্মপুত্ৰ নাৰ্চিং হোম কৰ্তৃপক্ষৰ। এতিয়াও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিতৰ্কিত চিকিৎসক সীমান্তজ্যোতি টায়েৰ বিৰুদ্ধে। শনিবাৰৰ দিনটোত সংবাদমেল জৰিয়তে ব্ৰহ্মপুত্ৰ নাৰ্চিং হোম কৰ্তৃপক্ষই জনোৱা অনুসৰি গৰ্ভৱতী মাতৃগৰাকী কিশোৰী আছিল বুলি তেওঁলোক জ্ঞাত নহয়।

তাৰোপৰি ৰোগীৰ বয়স ২০ বছৰ বুলি চিকিৎসালয়ৰ আবেদনপত্ৰত উল্লেখ আছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই কৰা মন্তব্যও হাস্যকৰ। এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো এতিয়াও বিতৰ্কিত চিকিৎসক সীমান্তজ্যোতি টায়েক গ্ৰেপ্তাৰ নকৰা আৰু ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

প্ৰশ্ন উত্থাপিত হৈছে, যৌন নিৰ্যাতনৰ বলি হৈ গৰ্ভৱতী হোৱা কিশোৰীগৰাকী সন্দৰ্ভত চিকিৎসক ডা০ সীমান্তজ্যোতি টায়ে কিয় অৱগত নকৰিলে আৰক্ষীক অথবা শিশু সুৰক্ষা বিভাগক? তাৰ বিপৰীতে কিশোৰীগৰাকীক অস্ত্ৰোপচাৰৰ বাবে কিয় ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিছিল তাকলৈও ৰাইজৰ মাজত সৃষ্টি হৈছে বহু প্ৰশ্নৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 11 =

Back to top button