ভাৰত

‘ভাৰতলৈ আহি মোৰ শচীন, অমিতাভ বচ্চনৰ দৰে অনুভৱ হ’ল’, কিয় এনেকৈ ক’লে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে?

শুকুৰবাৰে, ব্ৰিটেইন আৰু ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা সন্দৰ্ভত এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰিছ জনছনে।

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। প্ৰথম দিনটোতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটত বিশাল আয়োজনেৰে আদৰণি জনোৱা হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক।

 

শুকুৰবাৰে, বৰিছ জনছনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিশেষ বন্ধু(Special Friend) হিচাপে সম্বোধন কৰি কয় যে, ‘মোক বিশাল আদৰণি জনোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতবৰ্ষৰ জনতাক ধন্যবাদ জ্ঞাপন কৰিছো। মই ভাৰতলৈ অহাৰ সময়ত নিজকে শচীন তেণ্ডুলকাৰ দৰে অনুভৱ কৰিছিলো। যেতিয়া ৰাস্তাৰ কাষত মই নিজৰ হ’ৰ্ডিং ওলমি থকা দেখিছিলো, তেতিয়া মোৰ অমিতাভ বচ্চনৰ দৰে অনুভৱ হৈছিল’।

 

উল্লেখ্য যে, ভাৰত ভ্ৰমণৰ প্ৰথম দিনটোত বৰিছ জনছনে গুজৰাটত দিন কটায়।

 

শুকুৰবাৰে, ব্ৰিটেইন আৰু ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা সন্দৰ্ভত এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰিছ জনছনে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.