কর্ণাটকদৈনিক বাতৰিধৰ্মীয়

হিজাব বিতৰ্ক, পৰীক্ষা হলৰ পৰা উলিয়াই দিয়া হ’ল চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীক…

উল্লেখ্য যে, পূৰ্বতেই কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বিচি নাগেশে ঘোষণা কৰিছিল যে, হিজাব পৰিধান কৰি কোনো ছাত্ৰীয়ে পৰীক্ষাহললৈ গ'লে প্ৰৱেশৰ বাবে অনুমতি নাপাব।

হিজাব বিতৰ্কই লগ নেৰা হৈছে কৰ্ণাটকক। শ্ৰেণীকোঠাত হিজাব পৰিধানৰ অনুমতি বিচাৰি আদালতৰ কাষ চপা দুই শিক্ষাৰ্থীৰ বিৰু্দ্ধে কঠোৰ বিদ্যালয় কৰ্তৃপক্ষ। উপায়ন্তৰ হৈ পৰীক্ষা নিদিয়াকৈয়ে পৰীক্ষা হলৰ পৰা ওলাই আহিল ছাত্ৰী।

 

কৰ্ণাটকত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিবৰ বাবে শুকুৰবাৰে বোৰ্খা পৰিধান কৰি বিদ্যালয়লৈ গৈছিল দুগৰাকী ছাত্ৰী। আলিয়া আছাদী আৰু ৰেচম নামৰ ছাত্ৰী দুগৰাকীয়ে হল টিকট লোৱাৰ পিছত পৰীক্ষা হলত সোমাবলৈ চেষ্টা কৰে যদিও উড়ুপিৰ বিদ্যায়োদয়া পিইউ কলেজ কৰ্তৃপক্ষই পৰীক্ষাহলত প্ৰৱেশত বাধা প্ৰদান কৰে ছাত্ৰী দুগৰাকীক। প্ৰায় ৪৫ মিনিট সময় ধৰি ছাত্ৰী দুগৰাকীয়ে কৰ্তৃপক্ষক মান্তি কৰোৱাবলৈ চেষ্টা কৰে যদিও অৱশেষত নিৰাশ মনে উভতিবলগীয়া হয় ঘৰলৈ।

 

২২ এপ্ৰিল, শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষা ১৮ মে’লৈকে অনুষ্ঠিত হ’ব। কৰ্ণাটকৰ ১,০৭৬টা চেণ্টাৰত প্ৰায় ৬.৮৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। উল্লেখ্য যে, পূৰ্বতেই কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বিচি নাগেশে ঘোষণা কৰিছিল যে, হিজাব পৰিধান কৰি কোনো ছাত্ৰীয়ে পৰীক্ষাহললৈ গ’লে প্ৰৱেশৰ বাবে অনুমতি নাপাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.