অসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰত

কলকাতালৈ নিয়া হ’ব ফাইজান আহমেদৰ মৃতদেহ; মঙলবাৰে খান্দি উলিওৱা হৈছিল ফাইজানৰ মৃতদেহ।

১৪ অক্টোবৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ফাইজান আহমেদৰ মৃতদেহ

আজি কলকাতালৈ নিয়া হ’ব ফাইজান আহমেদৰ মৃতদেহ। মৃতদেহ লগত লৈ খড়গপুৰ আৰক্ষীৰ ৰাওনা। ফাইজানৰ পৰিয়ালৰ সদস্যও ৰাওনা আৰক্ষীৰ লগত। খড়গপুৰ আৰক্ষীৰ অন্য ৩জন ৰাওনা হ’ব ১.৩০ বজাত।

উল্লেখ্য যে মঙলবাৰে খান্দি উলিওৱা হৈছিল মৃতদেহ। কবৰ খান্দি উলিওৱাৰ পিছত ফাইজানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল AMCHলৈ। ২০২২ চনৰ ১৪ অক্টোবৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ।। কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ঘটনাটোক লৈ আৰম্ভ হৈছে তদন্ত।। ৰেগিঙৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ নৃশংসতাৰ বলি হোৱাৰ অভিযোগ ফাইজানৰ মাতৃৰ।।মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি পুনৰ কলকাতালৈ নিয়া হ’ব ফাইজানৰ মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.