অসমগুৱাহাটীবলিউডভাৰত

সতীশ কৌশিকৰ মৃত্যুক লৈ বিস্ফোৰক অভিযোগ আনিছে এগৰাকী মহিলাই…কি এই অভিযোগ ?

কি হৈছিল সেই নিশা? 'মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’

সতীশ কৌশিকৰ মৃত্যুক লৈ বিস্ফোৰক অভিযোগ আনিছে এগৰাকী মহিলাই। ব্যৱসায়ী তথা কুবেৰ গ্ৰুপৰ ডাইৰেক্টৰ বিকাশ মালুৰ দ্বিতীয় পত্নী ছানভী মালুৱে দাবি কৰা অনুযায়ী তেওঁৰ স্বামীয়েই সতীশ কৌশিকক হত্যা কৰিছে।

৯ মাৰ্চতেই মৃত্যু হৈছে বলীউড অভিনেতা সতীশ কৌশিকৰ। হোলীৰ পিছদিনাই মাজনিশা শৰীৰত অস্বস্তিবোধ কৰাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও বাটতেই মৃত্যুক সাবটে অভিনেতাজনে।

খবৰ অনুসৰি মৃত্যুৰ দিনা সতীশ কৌশিকে দিল্লীৰ যিখন ফার্মহাউছত পাৰ্টী কৰিছিল সেই ফার্ম হাউছটো আছিল ব্যৱয়াসী বিকাশ মালুৰ। চিঠিত বিকাশ মালুৰ পত্নীয়ে লিখিছে যে সতীশ কৌশিকে তেওঁৰ স্বামী তথা ব্যৱসায়ী বিকাশ মালুক ১৫ কোটি টকা ধাৰলৈ দিছিল। কিন্তু বিকাশ মালুৱে ধন উভতাই নিদি বিতৰ্কহে লিপ্ত হয়। শেষত বিকাশে প্রতিশ্রুতি দিছিল যে তেওঁ ভাৰতলৈ আহিয়েই সমূহ ধন উভতাই দিব।

বিকাশৰ পত্নী ছানভীয়ে দাবী কৰা অনুযায়ী হোলীৰ দ্বিতীয় দিনা মুম্বাইৰ পৰা দিল্লীলৈ আহি বিকাশৰ ফাৰ্ম হাউছতেই প্ৰৱেশ কৰিছিল সতীশ কৌশিকে। তাত থকাৰ সময়তেই নিশাৰ ভাগত হঠাতেই অসুস্থ হৈ পৰে সতীশ কৌশিক। বিকাশৰ পত্নীয়ে কয় যে সতীশক ধন উভতাই দিব নালাগিবৰ বাবেই তেওঁৰ স্বামীয়ে নিশা সতীশক বিষ খুৱাইছিল। আৰক্ষী সুত্ৰই দেওবাৰে পুৱা প্ৰকাশ কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। আৰক্ষীয়ে ফার্মহাউছটোৰ তালাছি চলাই কিছু সন্দেহজনক ঔষধ উদ্ধাৰ কৰিছে। কিন্তু ঔষধ কেইবিধ কি ৰোগৰ সেই কথা পৰীক্ষাৰ পাছতহে স্পষ্ট হ’ব বুলিও জনাইছে আৰক্ষীয়ে।

উল্লেখ্য যে আৰক্ষীয়ে সতীশ কৌশিকৰ মৃত্যু হৃদৰোগতেই হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ অভিনেতাৰ মৰোণোত্তৰ পৰীক্ষাতো অভিনেতাজনৰ মৃত্যু হৃদৰোগতেই হোৱা বুলি উল্লেখ কৰিছে চিকিৎসকে। সতীশ কৌশিকৰ পৰিয়ালৰ তৰফৰ পৰাও বৰ্তমানলৈ এই মৃত্যুৰ বাবে কোনোধৰণৰ অভিযোগ দাখিল কৰা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.