বাহৰেইনত চমক দেখুৱালে লখিমপুৰৰ জুবিনে
তৃতীয় এছিয়ান য়ুথ গেমছত লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিলে জুবিনে

বাহৰেইনত চমক দেখুৱালে লখিমপুৰৰ জুবিনে । তৃতীয় এছিয়ান য়ুথ গেমছত লং জাম্পত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে জুবিনে । বাসগৃহত উপস্থিত হোৱাৰ পিছতে প্ৰতিভাৱান খেলুৱৈগৰাকীক সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিছে । প্ৰতিযোগিতাত লখিমপুৰৰ হাৰমতীৰ কিশোৰ জুবিন গোঁহায়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । ব্ৰঞ্জৰ পদক লাভ কৰি নৱম শ্ৰেণীত অধ্যয়নৰত জুবিনে কেৱল অসমলৈয়ে নহয় ভাৰতৰ বাবেও গৌৰৱ কঢ়িয়াই আনিছে । এটা সাধাৰণ পৰিয়ালৰ সন্তান জুবিন । বাহৰেইনত যোৱা ২২ ৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল তৃতীয় এছিয়ান য়ুথ গেমছৰ এথলেটিকছ খেলসমূহ । য’ত বিশ্বৰ ৪৫ খন দেশে অংশগ্রহণ কৰিছিল । মুঠ ২১ টা ইভেণ্টত খেলসমূহ অনুষ্ঠিত হৈছিল । জুবিনে ভাৰতক প্ৰতিনিধিত্ব কৰি লং জাম্পত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । বিশ্বৰ প্ৰায় ২ হেজাৰ খেলুৱৈয়ে সেই ক্ৰীড়া মহোৎসৱত অংশগ্রহণ কৰিছিল । বৰ্তমান জিন্দাল বিদ্যামন্দিৰত নৱম শ্ৰেণীত অধ্যয়নৰত জুবিনে জে এছ ডব্লিউ কৰ্ণাটকত সংশ্লিষ্ট ক্ৰীড়া শৈলীত শিক্ষাগ্ৰহণ কৰি আছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে জুবিনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লং জাম্পত তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । দুভৰিৰ যাদুৰে জগত জিনিবলৈ পণ লোৱা জুবিনৰ মাতৃ তৰা গোঁহাই এগৰাকী সাধাৰণ মহিলা । তেওঁ তাঁতশালত বোৱা কটা কৰিয়েই ৩ জনীয়া পৰিয়ালটো পৰিচালনা কৰি আছে । জুবিনসহ তেওঁলোকৰ পৰিয়ালটোৰ একমাত্র আয়ৰ উৎস হ’ল মাতৃ তৰা গোঁহাই । তাঁতশালখনৰ আয়ৰ পৰাই তেওঁ জুবিনসহ দুই সন্তানক কেৱল পঢুৱাই নহয় ক্ৰীড়া ক্ষেত্রতো পাকৈত কৰি বিশ্বত চিনাকি দিয়াৰ লক্ষ্যৰে আগুৱাই নিছে । জুবিনৰ এনে প্ৰয়াস, মাতৃৰ আশা সফল হওঁক বুলি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে । জুবিনৰ এই সফলতাত আনন্দিত লখিমপুৰ জিলা ক্ৰীড়া সন্থা । এই সন্দৰ্ভত জিলা ক্ৰীড়া সন্থাৰ সহঃ সম্পাদক দীপাংকৰ তামুলী ফুকনে কয়, “জুবিনৰ সফলতাত আমি নথৈ আনন্দিত হৈছো । মই সৰুৰে পৰা জুবিনক লগ পাইছো আৰু তেওঁৰ প্ৰতিভা দেখিছো । আলোক গগৈ ছাৰৰ হাততে তেওঁ এজন হাই জাম্পাৰ হিচাপে সৃষ্টি হ’ল ।”
