AssamCultureleatest update

বকুল তল উকা কৰি গুচি গল তেওঁ, কাহানিও ঘূৰি নহাৰ বাটেৰে।

৮৮ বছৰ বয়সত দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ বীৰেন্দ্ৰ নাথ দত্তৰ।

সুৰকাৰ-গীতিকাৰ ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ দেহাৱসান। দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ বীৰেন্দ্ৰ নাথ দত্তৰ। লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক আছিল ডঃ দত্ত। ৮৮ বছৰ বয়সত মৃত্যু মহান অসমীয়াজনৰ। অসম সাহিত্য সভাৰো সভাপতি আছিল প্ৰয়াত দত্ত। ২০০৯ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰেন্দ্ৰ দত্ত।

বিশিষ্ট শিক্ষাবিদজনৰ মৃত্যুত ম্ৰিয়মান ৰাজ্য। ১৯৩৫ চনৰ ১ মাৰ্চত নগাঁৱত জন্ম হৈছিল তেওঁ। গুৱাহাটীৰ চেণীকুঠিৰ প্ৰাথমিক বিদ্যালয়ত বিদ্যা গ্ৰহণ আৰম্ভ। পিছলৈ তেওঁ গোৱালপাৰাত পঢ়া-শুনা কৰে। মেট্ৰিক, ISC পৰীক্ষাত প্ৰথম ১০জনৰ ভিতৰত আছিল। বিশ্ব ভাৰতীয় শান্তি নিকেতনৰ পৰা কলা স্নাতক।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ লৈ বি. বৰুৱা কলেজত প্ৰৱক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল তেওঁ। পিছত গৌৰীপুৰৰ প্ৰমথেছ বৰুৱা কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপেও কৰ্মৰত আছিল তেওঁ। পিছলৈ গোৱালপাৰা কলেজ,পাণ্ডু কলেজৰ অধ্যক্ষৰ পদ পূৰণ ১৯৭৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰীডাৰ হিচাপে যোগদান। লোক সংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী নিযুক্ত। ইংৰাজী আৰু অসমীয়াত প্ৰায় ২৩খন গ্ৰন্থ ৰচনা। গীতিকাৰ, সুৰকাৰ হিচাপেও অতি জনপ্ৰিয় আছিল তেওঁ।

‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’, ‘বগলী বগা ফোট দি যা’, ‘অ’ ঘনচিৰিকা’, ‘মেলি দিলো মন’, ‘আহিনক কোনে আনে’ আদিকে ধৰি কেইবাটাও জনপ্ৰিয় গীতৰ স্ৰষ্টা ডঃ দত্ত। ২০০৯ চনত পদ্মশ্ৰী সন্মনেৰে বিভূষিত ডঃ দত্তক ২০১০ চনত প্ৰদান কৰা হৈছিল জগদ্বাত্ৰী হৰমোহন দাস সাহিত্য বঁটা। অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লখিমপুৰ অধিৱেশন আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতি আছিল প্ৰয়াত দত্ত। এজন শিক্ষাবিদ, ভাষাবিদ, লোক সংস্কৃতিৰ গৱেষক, গায়ক, গীতিকাৰ, সুৰকাৰ হিচাপে অসমীয়াৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা ডঃ দত্তৰ দেহাৱসানে শূন্যতাৰ সৃষ্টি কৰিলে অসমৰ সমাজ জীৱনত। অতি মিতভাষী, সৰল অন্তৰৰ ডঃ দত্তৰ অসমৰ সাহিত্য, সংগীত, সংস্কৃতি, লোক সাহিত্যৰ ভঁৰাললৈ অৱদান আছিল অতুলনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nine =

Back to top button