দিল্লীদৈনিক বাতৰিভাৰত

বোমাৰে উৰুৱাই দিয়া হ’ব ইন্দিৰা গান্ধী বিমানবন্দৰ! কোনে দিছে এয়াৰপ’ৰ্ট উৰুৱাই দিয়াৰ ভাবুকি?

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এয়াৰপ'ৰ্টত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

সন্ত্ৰাসবাদীৰ লক্ষ্য ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। পুনৰাবৃত্তি হ’ব ৯/১১ আক্ৰমণ। এটা আতংকময়ী ফোনকলে ত্ৰাসৰ সৃষ্টি কৰিছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

শুকুৰবাৰে, নিশাৰ ভাগত দিল্লী আৰক্ষীলৈ আহে এটা ভয়ংকৰ ফোনকল। ফোনকলৰ জৰিয়তে বোমাৰে লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়া বিমান উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে আতংকবাদীয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯/১১ আক্ৰমণৰ দৰেই এই আক্ৰমণ কৰাৰ ভাবুকি দিয়ে অচিনাক্ত লোকে।

আৰক্ষীৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশাৰ ভাগত দিল্লীৰ ৰনহোলা আৰক্ষীলৈ আহে প্ৰথমটো ফোনকল। লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে কোনো অচিনাক্ত লোকে। শুকুৰবাৰেও অন্য এটা ফোনকলৰ জৰিয়তে  দিল্লী এয়াৰপ’ৰ্ট দখল কৰাৰো ভাবুকি দিয়ে অচিনাকী ব্যক্তিয়ে। এই ফোনকলৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। লগতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এয়াৰপ’ৰ্টত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.