Covid-19

ক’ভিডে বিনষ্ট কৰিলে কৃষকৰ আশাৰ সপোন

ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা আংশিক লকডাউনে প্ৰতি স্তৰৰ ব্যক্তিৰ ওপৰত বিৰোপ প্ৰভাৱ পেলাইছে।

গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰাকৈ এচাম যুৱকে কৃষি ঋণ আদি লৈ কৃষি কৰ্মত মনোনিৱেশ কৰিছিল যদিও আংশিক লকডাউনৰ বাবে এতিয়া উৎপাদন স্থলতে নষ্ট হ’ব ধৰিছে কৃষজাত সামগ্ৰী।

উল্লেখযোগ্য যে, প্ৰায় সাত বিঘা মাটিত ব্যৱসায়ী ভিত্তিত নেমুটেঙা, ভোট জলকীয়াৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হোৱা যোৰহাট জিলাৰ টীয়ক ভোমোৰা মিচিং গাঁৱৰ মুনীল টাইৰ বাৰীত বৃহৎ সংখ্যক নেমু টেঙা বজাৰৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে। সেয়ে অসম চৰকাৰৰ বৃহৎ কৃষি বিভাগটোক এইসকল কৃষকৰ উৎপাদিত সামগ্ৰী কিনা বেচা বা শীতলীকৰণৰ গৃহত ৰাখিব পৰা ব্যৱস্থা কৰি কৃষকসকলক কিছু সহায় কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.