অপৰাধঅসমআঞ্চলিক

ভয়ংকৰ! মাটি-বাৰীৰ বাবে পৰিকল্পিত হত্যাকাণ্ড…

জুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

ভয়ংকৰ! মাটি-বাৰীৰ বাবে পৰিকল্পিত হত্যাকাণ্ড

জুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰিয়াল কেন্দ্ৰীক সংঘাত অৰ্থাৎ মাটি-বাৰী কাজিয়াৰ ভয়ানক পৰিনতি, নিহত এজন বৃদ্ধ। পূৰ্বৰ মাটি বাৰীৰ কাজিয়াৰ পুটক তুলিবলৈ যোৱা ১৮ তাৰিখে পূৰ্ব পৰিকল্পিত ভাৱে নুৰুল হকক আক্ৰমন কৰে মজিবুৰ ৰহমানৰ ফৈদে। ১৮ তাৰিখে সন্ধিয়া ছেনিমাৰী বজাৰৰ পৰা নিজ ঘৰলৈ আহি থাকোতে পথ আগচি ধৰি ৪ জনীয়া দলে দলবদ্ধ আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নুৰুল হক। পৰিয়ালৰ লোকে ততাতৈয়াকৈ নুৰুল হকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। দীঘলীয়া সময় চিকিৎসাধীন অৱস্থাত থকাৰ অন্তত যোৱা কালি মৃত্যুবৰণ কৰে নুৰুল হকে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সুতিৰপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আজি লৈকে কোনো আক্ৰমনকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। অৱশেষত পৰিয়ালৰ লোকৰ লগতে ৰাইজে আক্ৰমনকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.