Assamleatest updateroad accidentSocial

তেজেৰে ৰাঙলী হ’ল কাকপথাৰৰ ৰাজপথ; পথৰ কাষত সিঁচৰতি হৈ পৰি ৰ’ল মৃতদেহ।

নিশা তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত পুনৰ এক ৰাজ্য কঁপাই যোৱা শিহৰণকাৰী পথ দুৰ্ঘটনা।

পুনৰ এক ৰাজ্য কঁপাই যোৱা শিহৰণকাৰী পথ দুৰ্ঘটনা। নিশা তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। তেজেৰে ৰাঙলী হ’ল কাকপথাৰৰ ৰাজপথ। পথৰ কাষত সিঁচৰতি হৈ পৰি ৰ’ল মৃতদেহ। দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ৭জনকৈ নিৰীহই। সংকটজনক অৱস্থাত আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

আহত প্ৰায় ১০জনতকৈ অধিক লোক AMCHত চিকিৎসাধীন। কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী ভয়ংকৰ দৃশ্য। বহিঃৰাজ্যৰ পৰা আহিছিল যমদূতৰূপী ট্ৰাকখন। অসহনীয়,মাতৃক সাৱটি কণমানিৰ চিৎকাৰ। তীব্ৰগতিত আহি খুন্দিওৱাত চুচূৰ্মৈ হয় মেজিকখন। ৭০ উৰ্ধ্বৰ এজন চালকে চলাইছিল ট্ৰাকখন। চালকজনক অত্যধিক সুৰাসক্ত অৱস্থাত থকাৰ সন্দেহ। ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে আটক কৰিছে চালকজনক।

দুৰ্ঘটনাত নিহতসকল
মিহিধৰ নেওগ (বেতনীগাঁও)
যাদৱ টাই (তিনিআলি নগাঁও)
ৰীনা গগৈ (বেতনীগাঁও)
পবেন মৰাণ (বাহনৰ চালক)
বিনীতা বৰুৱা (সোণজান গাঁও)
পল্লৱী দহোটীয়া ৰাভা (সোনজান শিমলুগুৰি গাঁও)
কুলাই মেচ (শুৱনিপথাৰ)

আহতসকল
অতুল গগৈ, বেতনী গাঁও
বুৰঞ্জীত মৰাণ, ৱাথৈ গাঁও
জোনালী মৰাণ, ৱাথৈ গাঁও
বিকাশ নেওগ
গোলেশ্বৰ মৰাণ
মনো মৰাণ
যশোদা মৰাণ
লক্মণী মৰাণ
অবলতা মৰাণ
পিংকি মৰাণ
মাকন গগৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 16 =

Back to top button