জীৱনশৈলীবিশ্বমনোৰঞ্জন

অলিম্পিকত এক হ’ল দুখন হৃদয়, কেমেৰাৰ সন্মুখতে প্ৰশিক্ষকে ‘প্ৰপ’জ’ কৰিলে খেলুৱৈক

আৰ্জেণ্টাইন 'তৰোৱাল চালনা'ৰ খেলুৱৈ মাৰিয়া বেলেনক প্ৰেম নিবেদন কৰিলে খেলুৱৈ গৰাকীৰ প্ৰশিক্ষক লুকাছ চচেদোৱে

বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাৰ মাজতে পৰিলক্ষিত হ’ল এক ব্যতিক্ৰমী প্ৰেম নিবেদনৰ ঘটনা। আৰ্জেণ্টাইন ‘তৰোৱাল চালনা’ৰ খেলুৱৈ মাৰিয়া বেলেনক প্ৰেম নিবেদন কৰিলে খেলুৱৈ গৰাকীৰ প্ৰশিক্ষক লুকাছ চচেদোৱে।

মাৰিয়াই প্ৰথম ৰাউণ্ডতে পৰাজিত হৈ পদকৰ যুঁজৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পিছতে খেলুৱৈগৰাকীয়ে টেলিভিছনৰ সন্মুখত প্ৰদান কৰি আছিল এক সাক্ষাৎকাৰ। উক্ত সময়ত মাৰিয়াক একেবাৰে নিৰাশৰূপত দেখা গৈছিল। সেই সময়তে নিৰাশ খেলুৱৈগৰাকীৰ পাছফালে তেওঁৰ অজ্ঞাতে ৰৈ আছিল প্ৰশিক্ষক লুকাছ চচেদো। প্ৰশিক্ষকগৰাকীৰ হাতত আছিল এখন কাগজ, যি কাগজত লিখা আছিল -“তুমি মোক বিয়া কৰাবানে ?”

আঠুকাঢ়ি প্ৰশিক্ষকগৰাকীয়ে প্ৰেম নিবেদন কৰাৰ সময়ত এই কথাও উল্লেখ কৰিছিল যে, খেলুৱৈ গৰাকীয়ে ইয়াৰ উত্তৰ শীঘ্ৰেই দিব লাগে। কিয়নো প্ৰেমতহে জীয়াই আছে ভূ-মণ্ডল।

মন কৰিবলগীয়া যে, মাৰিয়া আৰু চচেদোৱে বিগত ১৭ বছৰৰ পৰা ‘ৰিলেছ্যনশ্বিপ’ত আছে। ২০১০ চনৰ পেৰিছ অলিম্পিকতো মাৰিয়াক প্ৰশিক্ষক চচেদোৱে বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু উক্ত সময়ত তেওঁ বিয়াৰ বাবে মান্তি হোৱা নাছিল। তেতিয়া মাৰিয়াই কৈছিল – এয়া কোনো ধেমালি নে অন্য কিবা ! কিন্তু ট’কিঅ অলিম্পিকত প্ৰশিক্ষক লুকাছ চচেদোৰ মুখত হাঁহি বিৰিঙাই অৱশেষত বিয়াৰ বাবে মান্তি হ’ল মাৰিয়া।

উল্লেখযোগ্য যে, অলিম্পিকৰ এই সফল প্ৰেম নিবেদনে এতিয়া আমোদ দিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.