leatest updateSocialঅসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগভাৰত

ভয়ংকৰ! ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচলত বানৰ তাণ্ডৱ।

বানৰ বাবে আবদ্ধ হৈ আছে ২০০তকৈ অধিক লোক আৰু বহু পৰ্যটক...

হিমাচলত ভয়াৱহ বানৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচলত ভয়ংকৰ বান পৰিস্থিতি। হঠাৎ অহা বানে তচনচ কৰি গ’ল হিমাচলক। বানত বিস্তৰ ক্ষতি মুণ্ডী জিলাৰ বাগীপুল অঞ্চল। বানৰ বাবে আবদ্ধ হৈ আছে ২০০তকৈ অধিক লোক। আবদ্ধ হৈ আছে বহু পৰ্যটকো। বিগত ২৪ ঘণ্টাত দুটাকৈ বৃহৎ ভূমিস্খলন হয় অঞ্চলটোত। ভূমিস্খলনৰ বাবেও আৱদ্ধ হয় বহু যানবাহন।

উল্লেখ্য যে, ইপিনে অহা ৪৮ ঘণ্টাত দেশৰ ২৫ ৰাজ্যত প্ৰৱল ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ৬ ৰাজ্যত হৈ থকা প্ৰৱল বৰষুণ, ধুমুহাত ইতিমধ্যে ২২জনকৈ লোকৰ মৃত্যু ঘটিছে। হিমাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণ আৰু বানৰ কৱলত পৰি বৰ্তমান লৈকে মৃত্যু হৈছে ৬জন লোকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.