অসমৰাজনৈতিক

সোমবাৰে অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতেই সদনৰ বাহিৰত বিৰোধী বিধায়কসকলে প্ৰতিবাদ

‘গণতন্ত্ৰ ৰক্ষা কৰক’ বুলি শ্ল’গান দি বিধান সভা চৌহদত প্ৰতিবাদ

সোমবাৰে অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতেই সদনৰ বাহিৰত বিৰোধী বিধায়কসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে। ‘গণতন্ত্ৰ ৰক্ষা কৰক’ বুলি শ্ল’গান দি সদনৰ বাহিৰত প্ৰতিবাদ কৰে বিৰোধী বিধায়কসকলে। কংগ্ৰেছ আৰু এআইইউডিএফৰ বিৰোধী বিধায়কসকলে প্ৰতিবাদৰ নেতৃত্ব দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিধায়কৰ ক্ষমতাক লৈ কৰা শেহতীয়া মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অলপতে সৰভোগ সমষ্টিৰ এখন ৰাজহুৱা সভাত কৰা তেওঁৰ মন্তব্য উঠাই ল’বলৈ দাবী জনায় বিধায়কসকলে।

বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে, অসমৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী বিধায়কৰ ভূমিকা, দায়বদ্ধতা সম্পৰ্কে ভুল তথ্য বিয়পোৱাৰ লগতে ক্ষমতা কৰ্তনৰ চেষ্টা চলাই ৰাজ্যখনত এক স্বৈৰাচাৰী ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছে।

আনহাতে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে গনতন্ত্ৰ তথা সংবিধানক সন্মান জনোৱা উচিত আৰু এজন অপৰিপক্ক ব্যক্তিৰ দৰে অৰ্থহীন কথা কোৱা অনুচিত।

অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এগৰাকী বিধায়কৰ ক্ষমতা কেবল আইন প্ৰণয়ন কৰাহে, সেইবোৰৰ ৰূপায়ন কৰাৰ কাম মন্ত্ৰীসকলৰ।

মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি সকলো চৰকাৰী বিষয়াই বিধায়কৰ নহয়, মন্ত্ৰীসকলৰ কথাহে শুনিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 7 =

Back to top button