অসমউৎসৱগুৱাহাটী

আজি ষট্ পূজাঃ ষট্ পূজা উপলক্ষে ৰাজ্যজুৰি এতিয়া উদুলি মুদুলি পৰিৱেশ

শৰীৰ আৰু মন সম্পুৰ্ণৰূপে সূৰ্য দেৱতাক সমৰ্পণ কৰা হয় ষট্ পূজাত

আজি ষট্ পূজা। কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠ দিনত ষট্ পূজা পালন কৰা হয়।
সূৰ্য দেৱতাক আৰাধনা কৰি এই পূজা পালন কৰা হয়। শৰীৰ আৰু মন সম্পুৰ্ণৰূপে সূৰ্য দেৱতাক সমৰ্পণ কৰা হয় ষট্ পূজাত। সেইকাৰণে এই পৰ্বক হঠযোগ বুলিও কোৱা হয়। প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ষট্ পূজা পালনৰ বাবে চলিছে পুৰ্ণ প্ৰস্তুতি। বিশেষকৈ সন্তান প্ৰাপ্তিৰ বাবেও এই পূজা পালন কৰা হয়।যোৱা দুবছৰে মাৰাত্মক ক’ৰোণা ভাইৰাছৰ ফলত ষট্ পূজা পালনত বিছু বাধা আহিছিল যদিও, এইবাৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ভাৰতবৰ্ষৰ লগতে ৰাজ্যবাসীও সাজু হৈছে উলহ মালহেৰে ষট্ পূজা পালন কৰিবলে।
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰো বিভিন্ন স্থানত এই পূজা উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ক’ভিডৰ কিছুমান নিতি নিয়মেৰে গুৱাহাটীত বিভিন্ন ঘাটসমুহ সাজি তোলা হৈছে ষট্ পূজা পালনৰ বাবে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.