অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

অনাস্থা প্ৰস্তাৱৰ সন্মুখীন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, ইজৰাইল-হামাছ সংঘাতক লৈ উত্তাল ব্ৰিটেইনৰ ৰাজনীতি

অনাস্থা প্ৰস্তাৱৰ সন্মুখীন ব্ৰিটিছ প্ৰধানমন্ত্ৰী

ইজৰাইল-হামাছ সংঘাতক লৈ উত্তাল ব্ৰিটেইনৰ ৰাজনীতি

প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ স্থিতিক সমালোচনা নিজ দলৰে সাংসদৰ

সাংসদ এণ্ড্ৰিয়া জেনকিনছৰ অনাস্থা প্ৰধানমন্ত্ৰীৰ ওপৰত

অধ্যক্ষলৈ প্ৰেৰণ অনাস্থা প্ৰস্তাৱৰ পত্ৰ

প্ৰথমবাৰলৈ অনাস্থাৰ সন্মুখীন প্ৰধানমন্ত্ৰী ঋষি ছুনাক

উল্লেখনীয় যে, ইজৰাইল বিৰোধী পেলেষ্টাইনী সমৰ্থকৰ লণ্ডন তথা ব্ৰিটেইনৰ ভিন্ন স্থানত প্ৰতিবাদী সমদলে বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ব্ৰিটেইনত লাখ লাখ অনুপ্ৰৱেশকাৰী পেলেষ্টাইনী সমৰ্থকে ৰাজপথত প্ৰতিবাদ কৰাই নহয় আৰক্ষীৰ সৈতে সংঘাততো লিপ্তা হোৱা পৰিলক্ষিত হৈছে। এনে এক সময়তে প্ৰধানমন্ত্ৰী ঋষি ছুনাকে প্ৰতিবাদ দমনৰ ক্ষেত্ৰত লোৱা নৰম স্থিতি দলৰ মজিয়াতে সমালোচনাৰ সন্মুখীন হৈছে। আনকি ব্ৰিটেইনৰ সদ্যঅপসাৰিত গৃহ সচিব ছুৱেলা ব্ৰেভাৰমেনে পেলেষ্টাইনী সমৰ্থক প্ৰতি আৰক্ষীৰ নৰম স্থিতিক কটু ভাষাৰে সমালোচনা কৰে। কিন্তু আৰক্ষীক সমালোচনা কৰি নিজৰ পদবীহে হেৰুৱাব লগা হ’ল ছুৱেলা ব্ৰেভাৰমেনে। ঋষি ছুনাকৰ এই স্থিতিয়ে অধিক ক্ষোভিত কৰিলে দলৰ হাৰ্ডলাইনাৰসকলক। ইয়াৰ পিছতেই সাংসদ এণ্ড্ৰিয়া জেনকিনছে অনাস্থা পত্ৰ প্ৰেৰণ কৰে। পিছত Xত সাংসদগৰাকীয়ে ক্ষোভেৰে কয়– Enough is Enough… It is time for Rishi Sunak to go.

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 12 =

Back to top button