অপৰাধঅসম

আৰক্ষীৰ হাতত জব্দ ১৫ লক্ষ্যাধিক টকাৰ হাত নাওঁ

১০ টাকৈ চোৰাং হাত নাওঁ জব্দ কৰে আৰক্ষীয়ে

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ জলজলি নদীৰ পৰা বন বিভাগে সোমবাৰে আবেলি এখন প্ৰকাণ্ড যন্ত্ৰ চালিত নাওঁ ভৰ্তি ১০ টাকৈ চোৰাং হাত নাওঁ জব্দ কৰে।

জানিব পৰা মতে, মংগলদৈৰ এগৰাকী ব্যৱসায়ীয়ে গোৱালপাৰা জিলাৰ শিমলীতোলাৰ পৰা ১০খন অৱৈধ শাল কাঠেৰে তৈয়াৰী হাত নাওঁ প্ৰস্তুত কৰে। হাত নাওঁ কেইখন যন্ত্ৰ চালিত নাওঁত ভৰ্তি কৰি জলজলি নদীৰে মংগলদৈৰ ছিপাঝাৰ অভিমূখে গৈ থকা অৱস্থাত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বনকৰ্মীয়ে গোপন সূত্ৰৰ পম খেদি নাওঁ খনৰ পিচা কৰে। অভিযানকাৰীৰ দলটোৱে অৱশেষত হাত নাওঁ ভৰ্তি যন্ত্ৰ চালিত নাওঁ খন কৌশলেৰে জলজলি নদীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত যন্ত্ৰ চালিত নাওঁসহ চোৰাং হাত নাওঁ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৫ লক্ষ্যাধিক টকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, জব্দকৃত চোৰাং হাত নাওঁ ভৰ্তি যন্ত্ৰ চালিত নাওঁখন নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত মজুত ৰখা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + twelve =

Back to top button