অপৰাধজম্মু-কাশ্মীৰদৈনিক বাতৰি

জম্মু কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ! সেনাৰ ব্যক্তিগত বাহনত সংঘটিত কৰা হয় বিস্ফোৰণ

বিস্ফোৰণত আহত হয় তিনিগৰাকীকৈ সেনা জোৱান

জম্মু কাশ্মীৰৰ শ্বপিয়ানৰ চোডোত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত আহত হয় তিনিগৰাকীকৈ সেনা জোৱান। সেনাৰ ব্যক্তিগত বাহনত বিস্ফোৰণটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

আৰক্ষী মহাপৰিদৰ্শকে জনোৱা মতে আহত জোৱান কেইজনক বৰ্তমানে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আইইডি বা গ্ৰেনেডৰ ফলত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। বিস্ফোৰণক লৈ ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। এই ঘটনাৰ লগত কোনো সন্ত্ৰাসবাদী জড়িত আছে নেকি সেই বিষয়েও অনুসন্ধান আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে। বহু স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ অব্যাহত ৰাখিছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলটোত কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.