Socialঅপৰাধভাৰত

প্ৰেমৰ ভয়াৱহ পৰিণতি, টুকুৰা-টুকুৰ হ’ল প্ৰেমিকৰ যৌনাংগ

১৭ বছৰীয়া ল'ৰাজনক প্ৰহাৰ কৰি যৌনাংগ কাটি মৃত্যুৰ পথলৈ ঠেলি দিলে মানৱীয়তাৰ মুখা পিন্ধা কেইজনমান লোকে

এনে কাহিনী হয়তো আগেয়ে আপুনি শুনা নাই। হয়তো এনে ঘটনাৰ বিষয়ে আপুনি কেতিয়াও এবাৰলৈও ভবা নাই। ভালপোৱাৰ ভয়াৱহ পৰিণতি। ভালপোৱাৰ বাবেই মৃত্যুক সাৱটিলে এজন কিশোৰে। ১৭ বছৰীয়া ল’ৰাজনক প্ৰহাৰ কৰি যৌনাংগ কাটি মৃত্যুৰ পথলৈ ঠেলি দিলে মানৱীয়তাৰ মুখা পিন্ধা কেইজনমান লোকে।

এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ মুজাফৰপুৰ জিলাত প্ৰেমিকাৰ পৰিয়ালে সংঘটিত কৰিলে এই জঘন্য কাণ্ড। ৰেপুৰা ৰামপুৰশ্বাহ গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। একে গাঁৱতে থকা প্ৰেমিকাৰ ঘৰত নিশা প্ৰেমিকাৰ পৰিয়ালে ধৰা পেলায় প্ৰেমিক সৌৰভ কুমাৰক।

ছোৱালীজনীৰ সৈতে ল’ৰাজনক দেখি খঙত অগ্নিশৰ্মা হৈ পৰা প্ৰেমিকাৰ পৰিয়ালে নিৰ্মমভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে যুৱকজনক। আনকি টুকুৰা-টুকুৰকৈ কাটে কিশোৰজনৰ যৌনাংগ। ততাতৈয়াকৈ সৌৰভক এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতালতে মৃত্যুক সাৱটি লয় যুৱকজনে। কিশোৰজনৰ পৰিয়ালৰ লোকে অভিযুক্তৰ বাসগৃহৰ সন্মুখতে সম্পন্ন কৰে মৃত কিশোৰজনৰ অন্তিম সংস্কাৰ।

ঘটনাৰ সবিশেষ জানিব পাৰি কান্তি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত অভিযান। অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এই হত্যাকাণ্ডৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে বহুকেইজনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 15 =

Back to top button