আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

অলিম্পিকত নহয়, বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাৰত কী বেটীৰ

হাংগেৰীৰ ব’ডাপেষ্টত অনুষ্ঠিত হৈ থকা বিশ্ব কেডেট মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰিয়া মালিক ৭৩ কেজি শাখাত স্বৰ্ণ জয় কৰিছে

শনিবাৰে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি মীৰাবাঈ চানুৱে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ পৰৱৰ্তী দিনটোত বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে ভাৰত কী বেটীয়ে। ফাইনেলত ৫-০ ৰ ব্যৱধানত বেলাৰুছৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে প্ৰিয়া মালিকে।

হাংগেৰীৰ ব’ডাপেষ্টত অনুষ্ঠিত হৈ থকা বিশ্ব কেডেট মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰিয়া মালিক ৭৩ কেজি শাখাত স্বৰ্ণ জয় কৰিছে। ভাৰতীয় মহিলা দলটোৱে এই চেম্পিয়নশ্বিপত ৩ স্বৰ্ণসহ মুঠ ৫টা পদক জয় কৰিছে। প্ৰিয়াই ফাইনেলত বেলাৰুছৰ মল্লযুঁজাৰুক ৫-০ চেটৰ ব্যৱধানত পৰাজিত কৰে। প্ৰিয়াৰ উপৰিও অন্য দুগৰাকী মল্লযুঁজাৰুৱেও স্বৰ্ণ আৰু অন্য দুই মল্ল যুঁজাৰুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অন্য দুই মল্ল যুঁজাৰু ক্ৰমে তন্নু আৰু কুমলে ক্ৰমে ৪৩ কেজি আৰু ৪৬ কেজি শাখাত স্বৰ্ণ জয় কৰিছে। সামগ্ৰিকভাৱে ভাৰতীয় মহিলা দলটোৱে এই চেম্পিয়নশ্বিপত পদকৰ তালিকাত দ্বিতীয় স্থানত আছে।

প্ৰিয়াৰ এই সফলতাৰ পাছতে ছ’চিয়েল মিডিয়াত বিয়পিল উৰা বাতৰি। টকিঅ’ অলিম্পিকত খেলুৱৈগৰাকীয়ে স্বৰ্ণ জয় কৰা বুলি ওলোৱা বাতৰিয়ে দখল কৰিলে বহুতৰে টুইট, ইনষ্টাগ্ৰাম পোষ্টৰ শিৰোনাম।  অৱশ্যে পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে অলিম্পিকত নহয়, বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ কথা পোহৰলৈ আহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.