অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ভূপেন বৰাৰ দৰে কংগ্ৰেছী সকলৰ গুৰু এলেন অক্টোভিয়ান হিউম : বিজেপি অসম প্রদেশ

পণ্ডিত দীনদয়াল উপাধ্যায়, ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ দৰে প্রাতঃস্মৰণীয় ব্যক্তি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাতা। তেখেত সকলক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰো। ভাৰতীয় জনতা পার্টিয়ে সদায় তেখেত সকলক স-সন্মানেৰে স্মৰণ কৰি আহিছে। বিজেপি অথবা জনসংঘ প্ৰতিষ্ঠা কালৰে পৰা যিসকল মহান মণীষীয়ে ভাৰতীয় জনতা পার্টিক আজিৰ পৰ্যায়লৈকে আনিছে, তেখেত সকলৰ প্ৰতিজনেই বিজেপিৰ কাৰণে নমস্য। কিন্তু কংগ্ৰেছৰ প্রতিষ্ঠাপক এলেন অক্টোভিয়ান হিউমক কংগ্ৰেছী সকলে গুৰু বুলিবলৈ লাজ পায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে উভতি ধৰি এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই কয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধবদের গুৰুজনাৰ নাম ৰাজহুৱাকৈ স্মৰণ কৰাৰ নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে। ভূপেন বৰাই অসমীয়া জাতীয় জীৱনৰ অতি আদৰৰ মহাপুৰুষ গুৰু দুজনাক অপমান কৰাই নহয় প্ৰভু ভগৱন্তৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণক লাভ জেহাদীৰ সৈতে তুলনা কৰি জনমানসত হেয় প্রতিপন্ন কৰাৰ অপচেষ্টা চলাই মহপুৰুষ গুৰুজনাৰ আদৰ্শক কেতিয়াবাই জলাঞ্জলি দিছে। সেয়ে ৰাজনৈতিক বাদানুবাদত গুৰু দুজনাক টানি ননাটোৱেই তেখেতৰ বাবে মংগল। মুখপাত্র গৰাকীয়ে লগতে কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্রী শ্রী মাধবদেৱ গুৰু দুজনাৰ আদৰ্শক কংগ্ৰেছ দলে কেতিয়াবাই হত্যা কৰিছে। কাৰণ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত মহাপুৰুষ গুৰু দুজনাৰ অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদান আমাৰ সত্ৰৰ অনুষ্ঠান সমূহত অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহজনক লোকে সত্ৰৰ ভূমি বেদখল কৰাই নহয়, ইয়াৰ ভূমি এই সকলৰ লোকৰ নামত ম্যাদী পট্টা দিয়াকে ধৰি অপৰাধ মূলক কাম এই কংগ্ৰেছী সকলে কৰিছে । অসমৰ সত্ৰৰ ভূমি সমূহ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া কংগ্ৰেছ চৰকাৰৰ অপকৰ্মক অসমৰ ৰাইজে পাহৰি যোৱা নাই।

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছত অসমৰ সত্ৰৰ অনুষ্ঠান সমূহৰ ভূমি বেদখল মুক্তকৰণকে ধৰি জাতীয় দায়িত্ব পালন কৰিছে। কংগ্ৰেছৰ নেতা ভূপেন বৰাই এটা কথা মনত ৰখা উচিত যিটো সময়ত কংগ্ৰেছৰ চৰকাৰে অসমৰ সত্ৰ সমূহৰ সঞ্চিত সম্পদ সমূহ সংৰক্ষণৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল । তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ‘অসম দৰ্শন’ আঁচনিৰ জৰিয়তে অসমৰ সৰু-বৰ সকলো সত্ৰ অনুষ্ঠানকেই এক গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্বৰ ভিতৰতে জাকত জিলিকা প্রকল্প হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। আনহে নালাগে ভূপেন বৰাই দহ বছৰ প্ৰতিনিধিত্ব কৰা বাৰ ৱৈষ্ণৱৰ পূণ্যভূমি বিহপুৰীয়াত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ কাম ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে সম্পূৰ্ণ কৰিছে। গতিকে ভূপেন বৰাই এটা কথা মনত ৰখা উচিত যে কংগ্ৰেছে ধ্বংস কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ সম্পদ সমূহ উদ্ধাৰ কৰাৰ লগতে এই সমূহ ঐতিহ্যক অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি অসমৰ জাতীয় জীৱনক সমৃদ্ধিশালী কৰাৰ কাৰণে একমাত্ৰ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰেহে ব্যৱস্থা গ্ৰহণ কৰিছে এইকথা তেখেতে পাহৰি যোৱা উচিত নহয়। গতিকে মহাপুৰুষ গুৰু দুজনাক তেখেতে গুৰু বুলি কোৱাৰ নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে। গুৰু দুজনাৰ আদৰ্শক কংগ্ৰেছৰ আদৰ্শ বুলি কোৱাটো চৰম ধৃষ্টতা আৰু এয়া তেখেত সকলে কৰা ৰাজনৈতিক কাপুৰুষালি বুলিহে গণ্য হব। মুখপাত্ৰজনে লগতে কয়, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে যিসকল লোকে সেৱা আগবঢ়াই আহিছে তেখেত সকলক বিজেপিয়ে কেতিয়াও পাহৰি যোৱা নাই আৰু সদায় শ্ৰদ্ধা আৰু সন্মান জনাই আহিছে। কংগ্ৰেছৰ প্ৰতিষ্ঠাপক এলান অক্টোভিয়ান হিউমৰ আদৰ্শৰে কংগ্ৰেছে এতিয়া বাত বুলিছে। কিন্তু এলেন অক্টোভিয়ান হিউমৰ ফটো কংগ্ৰেছৰ কাৰ্যালয়ত তেওঁলোকে নাৰাখে। কাৰণ তেখেতৰ ফটো ৰাইজে দেখি থাকিলে ইমানদিনে কংগ্ৰেছে গাপ দি ৰখা ইতিহাসৰ বহু নিষ্ঠুৰ পৃষ্ঠা খোল খাই যাব। যিজন লোকে কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 13 =

Back to top button