অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

‘গংগা বিলাস’ৰ পিচত এইবাৰ উত্তৰ-পূৰ্বাঞ্চললৈ আহি আছে ‘ভাৰত গৌৰৱ’ ৰে’ল

ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে'লখনৰ নাম হ'ব ''নৰ্থ ইষ্ট ডিস্কভাৰী: বিয়ণ্ড গুৱাহাটী" ৷ ২১ মাৰ্চত দিল্লীৰ চফদৰজং ৰে'ল ষ্টেচনৰ পৰা আৰম্ভ হ'বলগীয়া ১৫ দিনীয়া ৰে'লযাত্ৰাই অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল'ব ।

উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক ভাল খবৰ আহিছে ভাৰতীয় ৰে’লৱে বিভাগৰ পৰা ৷ ২১ মাৰ্চত উত্তৰ-পূৰ্বাঞ্চলক সামৰি আৰম্ভ কৰা হ’ব এখন বিশেষ ৰে’লৰ যাত্ৰা ৷

ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’লখনৰ নাম হ’ব ”নৰ্থ ইষ্ট ডিস্কভাৰী: বিয়ণ্ড গুৱাহাটী” ৷ ২১ মাৰ্চত দিল্লীৰ চফদৰজং ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ দিনীয়া ৰে’লযাত্ৰাই অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল’ব ।

১৪ টা নিশা আৰু ১৫ টা দিনৰ এই ৰে’লযাত্ৰাৰ প্ৰথমটো ষ্টপেজ হ’ব গুৱাহাটী ৷ গুৱাহাটীত উপস্থিত হৈ পৰ্যটকসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাচত উমানন্দ মন্দিৰ দৰ্শন কৰি ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰিব ৷ ইয়াৰ পাচত ৰে’লখনৰ গন্তব্যস্থান স্থান হ’ব অৰুণাচল প্ৰদেশৰ নাহৰলগুন ৷ নাহৰলগুনৰ পাচত ইটানগৰলৈ যাত্ৰা কৰিব বিশেষ ৰে’লখনে ৷

ইটানগৰৰ পৰা ৰে’লখনে যাত্ৰা আৰম্ভ কৰিব শিৱসাগৰলৈ ৷ শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ পৰ্যটকসকলে দৰ্শন কৰাৰ পাচত যোৰহাটলৈ ৰাওনা হ’ব ৰে’লখন ৷ যোৰহাটৰ চাহ বাগিচাসমূহ পৰ্যটকসকলে দৰ্শন কৰাৰ পাচত কাজিৰঙা অভিমুখী হ’ব নৰ্থ ইষ্ট ডিস্ক’ভাৰী: বিয়ণ্ড গুৱাহাটী” ৷ কাজিৰঙাত উপস্থিত হৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিব ৷

কাজিৰঙাত এটা দিন কটাই ডিলাক্স এচি টুৰিষ্ট ৰে’লখন ফৰকাটিং ৰে’ল ষ্টেচন হৈ ত্ৰিপুৰালৈ ৰাওনা হ’ব ৷ ত্ৰিপুৰাৰ বিভিন্ন পৰ্যটনস্থলীসমূহ দৰ্শন কৰিব পৰ্যটকসকলে ৷ ত্ৰিপুৰাৰ পাচত ৰে’লখন নাগালেণ্ড ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব ।

ডিমাপুৰ ষ্টেচনৰ পৰা পৰ্যটকসকলক নাগা জীৱন শৈলীৰ অভিজ্ঞতা ল’বলৈ খোনোমা গাঁও ভ্ৰমণকে ধৰি স্থানীয় স্থানসমূহ ভ্ৰমণ কৰাৰ বাবে বাছযোগে কোহিমালৈ লৈ যোৱা হ’ব । পৰ্যটন ৰে’লখনৰ পৰৱৰ্তী ষ্টপেজ হ’ব গুৱাহাটী আৰু ইয়াৰ পৰা গাড়ীৰে শ্বিলঙলৈ লৈ যোৱা হ’ব পৰ্যটকসকলক । পৰৱৰ্তী দিনটোত চেৰাপুঞ্জী ভ্ৰমণ কৰিব পৰ্যটকসকলে ।

চেৰাপুঞ্জীৰ পৰা পৰ্যটকসকলে দিল্লীলৈ উভটনি যাত্ৰাৰ বাবে পুনৰ গুৱাহাটী ৰে’ল ষ্টেচনলৈ আহিব । পৰ্যটকসকলে সমগ্ৰ যাত্ৰাটোত প্ৰায় ৫৮০০ কিলোমিটাৰ ভ্ৰমণ কৰিব ।

উল্লেখ্য যে, অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ৰে’লখনত দুখন ডাইনিং ৰেষ্টুৰেণ্ট, এটা পাকঘৰ, দবাত শ্বাৱাৰ কিউবিকল, চেঞ্চৰযুক্ত ৱাছৰুম ফাংচন, ফুট মাচাজাৰ আৰু এটা সৰু পুথিভঁৰালকে ধৰি বহুতো সা-সুবিধা উপলব্ধ থাকিব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 7 =

Back to top button