ভাৰতস্বাস্থ্য

সাৱধান! চেনী নাখাব, আপোনাৰ ছালৰ ৰোগ আছে নেকি? তেন্তে জানি লওক এইকেইটা কথা

আপোনাৰ ছাল উজ্জ্বল আৰু সুন্দৰ কৰি ৰখাৰ কেইটামান ঘৰুৱা আৰু সহজ উপায়

আপোনাৰ ছালৰ ৰোগ আছে নেকি? সাৱধান! চেনী নাখাব…

নিজকে বাহ্যিকভাৱে সুন্দৰ কৰি ৰাখিলেহে আমাৰ মন আৰু শৰীৰ সুস্থ আৰু সতেজ হৈ থাকে। সকলো লোকেই সুন্দৰ হৈ থকা উচিত। দৈনন্দিন জীৱনত প্ৰত্যেকেই এখন সুন্দৰ ছালৰ অধিকাৰী হোৱাটো বিচাৰে। কিন্তু এইক্ষেত্ৰত আমি কেনেকৈ নিজৰ যতন ল’ব লাগে সেইটো ভালদৰে নাজানো৷ সততে কম বেছি পৰিমানে কিছুমান সমস্যাৰো সন্মুখীন হওঁ। বয়সৰ আগতেই বহুতৰ ছাল সোতোৰা পৰা অথবা ছালত দাগ পৰা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। এই সমস্যা সমূহৰ পৰা বাচি থাকিবলৈ কেইটামান ঘৰুৱা আৰু সহজ উপায় আপোনালোকলৈ আগবঢ়ালোঁ।

১/আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চেনীৰ পৰিমানটো কমাব লাগিব। চেনীয়ে বয়সতকৈ আগতেই সোতোৰা পৰা আৰু দাগ পৰাত অধিক সহায় কৰে সেয়ে আমি চেনী কম পৰিমানে গ্ৰহণ কৰিব লাগে।

২/ ভিটামিন-C আৰু প্ৰটিনযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। ভিটামিন-C আৰু প্ৰটিনে আমাৰ ছালখন সতেজ আৰু সুন্দৰ কৰি ৰখাত যথেষ্ঠ অৰিহনা যোগাই। আপোনালোকে যিমান পাৰে প্ৰটিনযুক্ত আহাৰ যেনে ৰাজমাহ, মগু আৰু ভিটামিন-C যুক্ত- কমলা টেঙা, মৌচুম্বী, কেপচিকাম অথবা কাজিটেঙা আদি খাব পাৰে।

৩/আমাৰ ছাল সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ যিকোনো ধৰণৰ বাদাম, ৰঙালাও গুটি অথবা তিল ব্যৱহাৰ কৰিব পাৰো। এইকেইটাই ছাল উজ্বল আৰু সুন্দৰ কৰাত যথেষ্ঠ সহায় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.