অসম

‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ আঁৰৰ কাহিনী!

দেশত বাঢ়িল জাতীয় পতাকাৰ চাহিদা। প্ৰায় ১৭ কোটি টকাৰ পতাকা বিক্ৰী অসমত...

৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনত ব্যস্ত সমগ্ৰ দেশ। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চলিত বৰ্ষৰ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ভাৰতবৰ্ষত পালন কৰা হৈছে আজাদীকা অমৃত মহোৎসৱ।

 

এইবাৰ আজাদীকা অমৃত মহোৎসৱৰ অধীনত ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক এক অভিযান আৰম্ভ কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেক ঘৰ, শিক্ষানুষ্ঠান, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সন্মূখত লগোৱা হয় জাতীয় পতাকা। প্ৰভাত ফেৰী কাৰ্যসূচীৰ সৌজন্যত উলিওৱা হয়  বিভিন্ন শোভাযাত্ৰা।

‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক অভিযানৰ বাবে সমগ্ৰ দেশৰ লগতে অসমত এইবাৰ বৃদ্ধি পায় পতাকাৰ চাহিদা। এই তিনিদিনত প্ৰায় ১৭ কোটি টকাৰ পতাকা বিক্ৰী হয় অসমত।

উল্লেখ্য যে, ২০২১ বৰ্ষৰ ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আজাদীকা অমৃত মহোৎসৱৰ অন্ত পৰিব ২০২৩ বৰ্ষৰ ১৫ আগষ্টত। জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ অনুভূতি জগায় তোলা আৰু ভাৰতীয় জাতীয় পতাকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হয় আজাদীকা অমৃত মহোৎসৱৰ অধীনত চলি থকা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.