শ্ৰেণীবিহীন

‘নীৰজ’ নামৰ প্ৰতিজন ব্যক্তিয়ে লাভ কৰিছে বিনামুলীয়া পেট্ৰ’ল! কিন্তু ক’ত?

নীৰজ নামৰ লোকসকলৰ ৫০১ টকাৰ পেট্ৰ’ল বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা পেট্ৰ’ল পাম্পৰ

টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰি সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নীৰজ ছোপ্ৰাই। গোটেই দেশে নীৰজ ছোপ্ৰাৰ এই সাফল্যক বেলেগ বেলেগ ধৰণে পালন কৰিছে।

তাৰ মাজতে, এটা লোকেল পেট্ৰ’ল পাম্পে ‘নীৰজ’ নামৰ সকলো লোককে দিছে বিনামুলীয়া পেট্ৰ’ল।

নীৰজ ছোপ্ৰাই দেশৰ বাবে সোণৰ পদক লাভ কৰাৰ আনন্দত পেট্ৰ’ল পাম্পৰ মালিকে নীৰজ নামৰ লোকসকলৰ ৫০১ টকাৰ পেট্ৰ’ল বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে।।

গুজৰাটৰ ভৰুছৰ এই পেট্ৰল পাম্পত দিয়া হৈছে এই বিশেষ সুবিধা। নেতৰংগ চহৰৰ এসপি পেট্ৰলিয়ামৰ মালিক আয়ুৱ পাঠানে কয় যে বৈধ পৰিচয় পত্ৰ থকা নীৰজ নামৰ লোকসকলক ৫০১ টকাৰ বিনামূলীয়া পেট্ৰল দিয়া হ’ব। অৱশ্যে এই সুবিধা সোমবাৰে সন্ধিয়ালৈকে আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.